সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী

■ নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই আজি নলবাৰী চহৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত খাদ্য সমগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে।

কোভিড কালীন পৰিস্থিতিত অধিকাংশ লোকে কৰ্মসংস্থাপন হেৰুৱাইছে। আৰ্থিক দৈন্যতাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। সমাজৰ নিম্ন শ্ৰেণীৰ লোকৰ এই সময়ছোৱাত আৰ্থিক ভাৱে যথেষ্ট লোকচান হৈছে। তেনে ক্ষেত্ৰত মূল্যবৃদ্ধিয়ে ভূতৰ ওপৰত দানহ পৰাৰ দৰে ভয়াবহ ভাবে গা কৰিছে। এই ক্ষেত্ৰত অসম চৰকাৰ তথা চৰকাৰৰ যোগান বিভাগ এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে।

এচাম অসাধু কলা ব্যৱসায়ীয়ে ষড়যন্ত্ৰ মূলক ভাবে এনে কাৰ্য সংঘটিত কৰি চৰকাৰ তথা জনসাধাৰণক বুঢ়াআঙুলি দেখুৱাইছে। যাৰ বিৰুদ্ধে চৰকাৰে কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। বৰঞ্চ যোগান বিভাগৰ এচাম বিষয়া -কৰ্মচাৰীৰ অসাধু ব্যৱসায়ীৰ লগত জনতাৰ চকুত ধূলি দি গোপন লাভালাভৰ অংকত ছিণ্ডিকেটৰাজক প্ৰশ্ৰয় দিয়া বুলি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই উপস্থাপন কৰে।
অতি শীঘ্ৰে মুল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিবলৈ দাবী জনায় সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই।

Be the first to comment

Leave a Reply

Your email address will not be published.


*