ফুলাম ভাৱনা-সুবাসী সম্ভাৱনা
● জুপিতৰা নাথ
দুখন বাগিছা হ’ব মোৰ
এখন শৃংখলাৰ
আনখন মুক্ত সম্ভাৱনাৰ৷
এখনত ফুলবোৰ টাবত হালিব জালিব
মোৰ ঘৰটোৰ ভিতৰলৈ
বতাহক সুবাসী কৰি বোৱাব..
সেউজী শুভেচ্ছাৰে মোৰ কোঠাতো সজাব..
আনখন হ’ব
মাটি খামুচি খেলিমলিকৈ ফুলি থকা
বনৰীয়া সপোনৰ দৰে..
জাক জাক পখিলা উৰি
মোক অনুভৱ কৰোৱাব যি
মই অতবোৰ পাইছোঁ
ফুলবোৰ
গানবোৰ
গছবোৰ…
গছবোৰে যিদিনা উঠি আহি মোক ক’ব
শিপাৰ কথা
সিদিনা মোৰ মালৈ শ্ৰদ্ধা উজাৰি উঠিব
দেউতালৈ কিছু শোক!
পিৰালি চুকৰ
গধূলি গোপালৰ এজাউৰি সংগীত হৈ
মই অতদিন বাজিয়েই আছোঁ
তোমাৰ নীৰৱতাত!
ফুলবোৰ প্ৰতিযোগিতাত নামিব
হয়তো টাবৰবোৰে স্বাধীন উশাহ দাবী কৰিব
মুকলিকৈ ফুলি থকাবোৰে যাব খুজিব পাৰ্লাৰলৈ!
কিছু পৃথক ভাৱনাৰে
সেউজীয়া বননিখনে কিন্তু তেতিয়াও
হোম চেলুন আশা কৰি
বৰষুণেৰে নিজক মইশ্চাৰাইজ কৰিব!
বতাহ হৈ তুমি অহা হ’লে
মই ধূলিও হ’ব পাৰিলোঁহেতেন বুলি
অভিমানত ঠেহ পাতি থাকিল অৰ্কিডবোৰ!
গোটেই বসন্তত সিঁহতৰ লচপচ এনেও চকুতলগা!
গপত গঙাটোপ হৈ মই ফুলৰ স’তে ফুল হ’ম
সুবাসৰ স’তে সুবাস
মই কি সঁচায়েই ফুল হ’ম?
ভাবি ল’লোঁ
মই ফুল হ’লোঁ
নাভাবিলোঁ
সেয়ে ফুল হৈ নসৰিলোঁ
ফুলবোৰেই মোক ক’লে
ফুল নহ’বলৈ
ফুলবোৰেই মোক ক’লে
মোক মই হৈ ৰ’বলৈ!
ফুলবোৰ জিকিল
টাবৰবোৰো,বাহিৰৰবোৰো
বননিখনো জিকিল
হাৰিল কেৱল মনৰ দুৰ্ভাৱনাবোৰ
হাৰিল কেৱল উদাৰতাবিহীন চিন্তাবোৰ!
Leave a Reply Cancel reply