৯ নং মাইল, খানাপাৰা, ৰি ভয়ঃ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ৰ (ইউ এছ টি এম) কেন্দ্ৰীয় প্ৰেক্ষাগৃহত পি এ চাংমা আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ৰ ১ম এম বি বি এছ শ্ৰেণীৰ বাবে অৰিয়েণ্টেচন কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে। ১৪ দিন অব্যাহত থাকিব এই অৰিয়েণ্টেচন।
অৰিয়েণ্টেচনত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে পদ্মশ্ৰী অধ্যাপক ড০ ছেইদ এহতেশ্বাম হাছনেইন, ৰাষ্ট্ৰীয় বিজ্ঞান অধ্যক্ষ, আই আই টি নতুন দিল্লী আৰু প্ৰাক্তন উপাচাৰ্য্য জামিয়া হামদাৰ্ড আৰু হায়দৰাবাদ বিশ্ববিদ্যালয়, ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হক, ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মা, ড০ বি কে দাস, অধ্যক্ষ পি আই এম চি, ডাঃ যোগেশ শৰ্মা, সঞ্চালক চিকিৎসা শিক্ষা আৰু গৱেষণা, পিআইএমচি আৰু অন্যান্য গণ্য মান্য ব্যক্তিসকল।
পি আই এম চিৰ ১ম এম বি বি এছ ছাত্ৰ-ছাত্ৰীৰ একাডেমিক শোভাযাত্ৰা পুৱা ১০ বজাত পি আই এম চি একাডেমিক ব্লকৰ পৰা আৰম্ভ কৰি চেণ্ট্ৰেল অডিটৰিয়ামলৈ যায়। শোভাযাত্ৰাত যোগদান কৰে ছাত্ৰ ছাত্ৰী, অধ্যাপক, সদস্য, চিকিৎসক আৰু অভিভাৱকসকলে। সকলো ছাত্ৰ-ছাত্ৰী আৰু চিকিৎসকে বগা কোট পিন্ধি শোভাযাত্ৰাত যোগদান কৰে। পুৱা ১০:৩০ বজাৰ পৰা চেণ্ট্ৰেল অডিটৰিয়ামত অনুষ্ঠিত হয় অৰিয়েণ্টেচন তথা হোৱাইট কোট অনুষ্ঠান।
Leave a Reply