ইত্যাদিৰ নাট্যসন্ধ্যাত জেষ্ঠ অভিনেতা, নাট্যকৰ্মী,পৰিচালক পংকজ গোস্বামীক শিল্পীপ্ৰাণ বঁটা প্ৰদান

বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহতইত্যাদি উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা নাট্য সন্ধ্যাত জেষ্ঠ অভিনেতা, নাট্যকৰ্মী, পৰিচালক গুৱাহাটী নিবাসী পংকজ গোস্বামী আৰু শিলচৰৰ বিশিষ্ট নাট্যকাৰ ড০ ইন্দ্ৰনীল দে’লৈ ইত্যাদি মঞ্চই প্ৰদান কৰে ‘শিল্পীপ্ৰাণ বঁটা প্ৰদান-২০২৪’।
পংকজ গোস্বামী এজন প্ৰতিভাবান নিৰলস নাট্যকৰ্মী। ছাত্ৰ অৱস্থাৰ পৰাই অসম অথা গোজৰাট, উত্তৰ প্ৰদেশ, উৰিষ্যা আদি ভাৰতৰ বিভিন্ন ৰাজ্যত অভিনয়ৰ পাৰদৰ্শিতাৰে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা পংকজ গোস্বামী গৃহ জিলা তিনিচুকীয়া ডিগবৈ। পিতা স্বৰ্গীয় উমাকান্ত দেৱগোস্বামী শ্ৰী শ্ৰী বিজয় মাহৰা সত্ৰৰ সত্ৰাধিকাৰ।

সৰুৰে পৰাই সত্ৰীয়া পৰিবেশত ডাঙৰ দীঘল হোৱা পংকজ গোস্বামী ভাৰতীয় তেল নিগমৰ কৰ্মচাৰী আৰু কৰ্মসূত্ৰে বৰ্তমান গুৱাহাটীৰ স্থায়ী নিবাসী। কৰ্ম ব্যস্ততাৰ মাজতে কেইবাখনো চুটি ছবি আৰু অসমীয়া চলচ্ছিত্ৰ জগততো সফল অভিনেতা হিচাপে জনপ্ৰিয় সৰল আৰু উদাৰমনা গোস্বামীয়ে ‘সন্ধ্যাতৰা’, ‘বিকোদৰ বৰুৱাৰ বিয়া’, ‘উত্তৰণ’, ‘বিজয়া’ আদি ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয়ৰ জৰিয়তেও আত্মপ্ৰকীশ কৰিছিল।প্ৰায় শতাধিক নাটকত অভিনয় কৰা পংকজ গোস্বামী এজন সফল পৰিচালকো।বহুকেইখন সামাজিক নাটকৰ উপৰিও নটসূৰ্য ফণী শৰ্মাৰ ‘ভোগজৰা’, ৰূপকোঁৱৰ জ্যেতি প্ৰসাদ আগৰৱালাৰ ‘ৰূপালীম’, ‘কাৰেঙৰ লিগিৰী’ ‘নিমাতী কন্যা’, গনেণ গগৈৰ ‘শকুনিৰ প্ৰতিশোধ’ আদি কেইখনো কালজয়ী নাট পৰিচালনা কৰি সুনাম অৰ্জন কৰা গোস্বমাীৰ ছবি অঁকা, শাস্ত্ৰীয় সংগীতত ৰাপ থকাৰ লগতে কবি হিচাপেএ পৰিচিত।

সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জেষ্ঠ অভিনেতা প্ৰান্জল শইকীয়া,ত্ৰিপুৰাৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা চপন কুমাৰ দে,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী গোপা দে, ভাওনা ৰত্ন মাজুলীৰ প্ৰভাত চন্দ্ৰ বুঢ়া ভকত, শিলচৰৰ বিশিষ্ট নাট্যকাৰ ড০ ইন্দ্ৰনীল দে, শিক্ষাবিদ কমল জ্যোতি গগৈ, নেমকেয়াৰ বাৰ্ন ফাউণ্ডেচনৰ অধ্যক্ষ ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, বিশিষ্ট কবি দেৱপ্ৰসাদ তালুকদাৰ, সমাজ কৰ্মী ৰাকেশ শৰ্মা বৰদলৈ, বিশিষ্ট উদ্যোগপতি ৰাম নাথ তাঁতী আদি আমন্ত্ৰিত গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত এই বঁটা প্ৰদান কৰে৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিৱ সুদৰ্শন ঠাকুৰ আৰু ইত্যাদি মঞ্চই মানপত্ৰ, স্মাৰক, গামোচা, অংগবস্ত্ৰ আদিৰে আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*