গোৰ্খা জনগোষ্ঠীৰ এগৰাকী খ্যাতি সম্পন্ন গায়ক গোপাল গোৰ্খা খনালৰ দেউচিৰে ২ মুকলি কৰিছে৷ সাংবাদিক তথা গায়ক গোপাল গোৰ্খা খনালৰ দেউচিৰে ২ নামৰ অষ্টম ভিডিঅ’ এলবাম মুকলি কৰে।
গোপাল খনালৰ হামৰো আছাম ৰামৰো আছাম, দেউচিৰে, মায়ালু, প্ৰিয়ে তিম্ৰো য়োবন, চৰি ,তিমি বাটা টাড়া, মেৰো চনম, আদি ভিডিঅ’এলবামে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
তিহাৰ উপলক্ষে দৰ্শকৰ মাজত দেউচিৰে-২ য়ে অধিক সমাদৰ লাভ কৰক তাৰে কামনা কৰিলোঁ। এই ভিডিঅ’ক সকলোৱে আকোঁৱালি ল’ব বুলি আশাবাদী গায়ক গৰাকী।
ভিডিঅ’টো গোপাল গোৰ্খা খনাল নামৰ ইউটিউব চেনেলত উপলব্ধ।
Leave a Reply Cancel reply