বিশ্ব হিন্দু পৰিষদ উত্তৰ পূব প্ৰান্তৰ “দিপাৱলী মিলন” অনুষ্ঠান

■ আজি গুৱাহাটীৰ পাঞ্চজন্য ভৱনত বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা দিপাৱলী উপলক্ষে সাংবাদিক সকলৰ সৈতে এক “দিপাৱলী মিলন” অনুস্হান অনুস্হিত হয়। এই উপলক্ষে সাংবাদিক সকলক সম্বোধন কৰি বিশ্ব হিন্দু পৰিষদৰ কেন্দ্ৰীয় সহ মহামন্ত্ৰী সুৰেন্দ্ৰ জৈনে কয় যে এইবাৰৰ দীপাৱলী এই কাৰণেই বিশেষ যে -অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ পিচত এয়া প্ৰথম দীপাৱলী। তেখেতে প্ৰভু ৰামৰ আদৰ্শ অনুসৰণ কৰি দেশবাসীক উন্নতিৰ পথত আগবাঢ়ি যাবলৈ আহ্বান জনাই। তেখেতে কয় যে বিশ্বক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্হান যদি কেতিয়াবা অন্য কোনো ৰাষ্ট্ৰই ল’ব পাৰে সেয়া হৈছে ভাৰতবৰ্ষ৷ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত তেওঁ সন্তোষ ব্যক্ত কৰে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি তেখেতে বাংলাদেশৰ উদাহৰণ দি কয় যে হিন্দু সকল একত্ৰিত হৈ নাথাকিলে হিন্দু সকল বিপদৰ সন্মুখীন হ’ব পাৰে। তেওঁ সন্তোষ প্ৰকাশ কৰি কয় যে বাংলাদেশৰ হিন্দু সকলে পলায়নৰ সলনি পৰাক্ৰমৰ বিকল্পক গ্ৰহণ কৰিছে। দিপাৱলী পালনৰ ক্ষেত্ৰত পৰামৰ্শ দি তেওঁ কয় যে দীপাৱলীৰ সামগ্ৰী কেৱল সেইসকলৰ পৰাহে ক্ৰয় কৰিব লাগে, যি সকলে নিজে দীপাৱলী পালন কৰে৷
বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ সভাপতি পৰমেশ দত্তয়ো সাংবাদিক সকলক দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে৷ অনুস্হানত উপস্থিত থাকে ক্ষেত্ৰ সাংগঠনিক প্ৰমুখ দিনেশ তিৱাৰী, প্ৰান্ত সাংগঠনিক মন্ত্ৰী হাৰসিং তেৰণ প্ৰমুখ্যে পৰিষদৰ নেতা কৰ্মী সকল৷ অনুস্হানৰ আঁত ধৰে উঃ পূঃ প্ৰান্তৰ সহ সম্পাদক বিধান চন্দ্ৰ দেৱৰয়ে। অনুস্হাৰ শেষত পৰিষদৰ কেন্দ্ৰীয় সহ মহামন্ত্ৰী সুৰেন্দ্ৰ জৈনে সাংবাদিক সকলক দীপাৱলীৰ চাকি বিতৰণ কৰি শুভেচ্ছা জ্ঞাপন কৰে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*