■ নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে অষ্টম ৰাষ্ট্ৰীয় হাপকিডো চেম্পিয়নশ্বিপখনি সাফল্যপূৰ্বকভাৱে অনুষ্ঠিত কৰে হাপকিডো ফেডাৰেচন অৱ ইণ্ডিয়া (এইচ এফ আই)ই। এই গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাখনিত সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৫৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।
কোৰিয়াৰ পৰম্পৰাগত যুদ্ধ-কলা হাপকিডোত সমন্বয় আৰু ভাৰসাম্যতাক গুৰুত্ব দিয়া হয়। ১৯৪০ আৰু ১৯৫০ৰ দশকত গ্ৰেণ্ডমাষ্টাৰ চয় ইয়ং-ছুলে বিকশিত কৰা এই কলাত ষ্ট্ৰাইকিং, থ্ৰ’ইং আৰু চাবমিছন কৌশল অন্তৰ্ভুক্ত কৰা হৈছে। এই সামগ্ৰিক কলাই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
শেহতীয়াকৈ ভাৰতীয় হাপকিডো ফেডাৰেচনৰ অধ্যক্ষ প্ৰেমজিৎ সেনৰ দূৰদৰ্শী নেতৃত্বত হাপকিডোৱে লাহে লাহে কিন্তু ক্ৰমাগতভাৱে সমগ্ৰ ভাৰতত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। সেনৰ অক্লান্ত প্ৰচেষ্টা, নিষ্ঠা আৰু এই ক্ৰীড়াৰ প্ৰতি অদম্য আবেগে সমগ্ৰ দেশতে হাপকিডোৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
এইচ এফ আই অফিচিয়েলৰ প্ৰধান সচিব ৰাজনেশ চৌধুৰীয়ে কয় যে প্ৰেমজিৎ সেনৰ আশাশুধীয়া প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমেই হৈছে হাপকিডোৰ উত্তৰণৰ মূল চালিকা শক্তি। তেওঁ উল্লেখ কৰে, “সেনৰ অপৰিসীম অৱদানে হাপকিডো অনুৰাগীসকলক এক উমৈহতীয়া মঞ্চত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ পথ প্ৰশস্ত কৰিছে।”
Leave a Reply Cancel reply