শেহতীয়া আপডেটঃ

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰত অসমৰ ৩টা সোণসহ ৯টা পদক অৰ্জন

গুৱাহাটীঃ গোৱাৰ পানজিত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত অসমে মুঠ ৯টা পদক লাভ কৰি অনন্য সফলতা অৰ্জন কৰিছে৷ ৰাজ্যৰ আন্তৰ্জাতিক সাঁতোৰ প্ৰশিক্ষক তথা অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দেৰ নেতৃত্বত যোৱা অসমৰ দলটোৱে তিনিটা সোণ, চাৰিটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰে৷
মঙলবাৰে সামৰণি পৰা প্ৰতিযোগিতাখনত অসমৰ কৃষ্ণ দাসে দুটাকৈ সোণ লাভ কৰিবলৈ সক্ষম হয়৷ তিনিদিনীয়া প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে জুনিয়ৰ ল’ৰাৰ এশ মিটাৰ বেষ্ট ষ্ট্ৰ’কত সোণৰ পদক লাভ কৰা কৃষ্ণই দুশ মিটাৰ ফ্ৰীষ্টাইল শাখাতো স্বৰ্ণ জয় কৰে৷ ইফালে, সূৰ্য শইকীয়াই অসমৰ হৈ তৃতীয়টো সোণ অৰ্জন কৰে৷ তেওঁ ৫০ মিটাৰ বেষ্ট ষ্ট্ৰ’কত সোণৰ পদক লাভ কৰাৰ বিপৰীতে ৫০ মিটাৰ ফ্ৰীষ্টাইল শাখাতো ৰূপ অৰ্জন কৰে৷
দেওবাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত অসমৰ ইয়েছমিন খাতুনে তিনিটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ জুনিয়ৰ ছোৱালীৰ শাখাত খেলা ইয়েছমিনে এশ মিটাৰ বেষ্ট ষ্ট্ৰ’ক আৰু ফ্ৰীষ্টাইলত দ্বিতীয় হোৱাৰ লগতে ৫০ মিটাৰ বেষ্ট ষ্ট্ৰ’ক শাখাত তৃতীয়টো ৰূপৰ পদক অৰ্জন কৰে৷ আনহাতে, ছিনিয়ৰ মহিলাৰ এশ মিটাৰ বেষ্ট ষ্ট্ৰ’কত অসমৰ ছাজিদা বেগম তথা ৫০ মিটাৰ বেষ্ট ষ্ট্ৰ’ক শাখাত প্ৰীতি দাসে ব্ৰঞ্জৰ পদক অৰ্জন কৰে৷
অসমৰ পেৰা সাঁতোৰ খেলুৱৈৰ এই গৌৰৱময় সফলতাৰ বাবে অসম পেৰালিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক ৰিনিকি ভূঞা শৰ্মাই অভিনন্দন জনাইছে৷ উল্লেখ্য যে প্ৰতিযোগিতাখনত অসমৰ আঠজনীয়া এটা দেল অংশ লৈছিল৷ গুৱাহাটীত অনুষ্ঠিত হোৱা চতুৰ্থ সদৌ অসম পেৰা ক্ৰীড়া প্ৰতিযোগিতাত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিতে অসম পেৰালিম্পিক সন্থাই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে দল নিৰ্বাচন কৰিছিল৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.