♦নলবাৰী, ৪ এপ্ৰিল : অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা, বিশিষ্ট সাহিত্যিক–সমালোচক, অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক, সাহিত্য সভাৰ প্ৰাচ্যবিদ্যাৰ্ণৱ ডঃ মহেশ্বৰ নেওগ অসম তত্ত্ব গৱেষণা সংস্থানৰ অবৈতনিক পঞ্জীয়ক, সাহিত্যপ্ৰাণ ডঃ কুতুবুদ্দিন আহমেদৰ দেহাৱসানত নলবাৰী জিলা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে । নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু সম্পাদক পংকজ বেজবৰুৱাই এই সন্দৰ্ভত প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰা অনুসৰি জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনৰ সন্মুখত আজি দিনটোৰ বাবে অসম সাহিত্য সভাৰ পতাকা অৰ্ধ্বনমিত কৰি বিশিষ্ট সাহিত্যিক, সাহিত্য সভা-প্ৰাণগৰাকীৰ দেহাৱসানত শোক প্ৰকাশ কৰা হয় । এইগৰাকী লোকৰ অবিদ্যমানত অসম সাহিত্য সভাৰ লগতে সাহিত্যক্ষেত্ৰখনত শূন্যতাই বিৰাজ কৰিছে যদিও সামাজিক চেতনা, সাহিত্য সৃষ্টি আৰু কৰ্মৰ অনবদ্য চানেকিৰে তেওঁ অসমীয়াৰ জনমানসত জীয়াই থাকিব বুলিও প্ৰেছ বিবৃতিটোত কোৱা হয় । উল্লেখ্য, ৪ এপ্ৰিলত ডঃ আহমেদৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দীৰ্ঘদিনীয়া চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি হয় ।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations



