শেহতীয়া আপডেটঃ

৩ মাহৰ ভিতৰত সমগ্ৰ উত্তৰ-পূব ভাৰতৰ মুখ্য ডিলাৰ আউটলেটত উপলব্ধ হ’ব ব্ৰেণ্ডৰ প্ৰডাক্ট

উত্তৰ-পূব ভাৰতত উপস্থিতি সম্প্ৰসাৰণৰ লক্ষ্য গ্ৰ’ট’ৰ
৩ মাহৰ ভিতৰত সমগ্ৰ উত্তৰ-পূব ভাৰতৰ মুখ্য ডিলাৰ আউটলেটত উপলব্ধ হ’ব ব্ৰেণ্ডৰ প্ৰডাক্ট

অসম খবৰ গুৱাহাটী, ৬ আগষ্ট, ২০২৪: উত্তৰ-পূব ভাৰতৰ বজাৰত নিজৰ ব্যৱসায়ৰ প্ৰসাৰ ঘটাবলৈ সাজু হৈছে বাথৱেৰ আৰু চেনিটেৰীৱেৰ সামগ্ৰীৰ অগ্ৰণী বিলাসী ব্ৰেণ্ড গ্ৰ’ট’ৱে। আগন্তুক তিনিমাহত কোম্পানীটোৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তৰ চহৰসমূহৰ ডিলাৰ আউটলেটৰ জৰিয়তে নিজৰ সামগ্ৰী বিতৰণ কৰাৰ পৰিকল্পনা কৰিছে। এনে কৌশলী পদক্ষেপে এই গুৰুত্বপূৰ্ণ বজাৰখনৰ বহলসংখ্যক উপভোক্তাক উদ্ভাৱনীমূলক আৰু উচ্চমানৰ সামগ্ৰী আগবঢ়োৱাৰ বাবে গ্ৰ’ট’ৰ সমৰ্পণক অধিক জিলিকাই তুলিছে।

উল্লেখ্য যে, অহা ৯ আগষ্টৰ পৰা ১১ আগষ্টলৈ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূব ভাৰতৰ নিৰ্মাণ সামগ্ৰী, স্থাপত্য, অভ্যন্তৰীণ ডিজাইন আৰু নিৰ্মাণৰ সৰ্ববৃহৎ সংগমস্থলী BAIC প্ৰদৰ্শনী ২০২৪ত গ্ৰ’ট’ৱে নিজৰ বিস্তৃত সামগ্ৰীৰ শৃংখলা প্ৰদৰ্শন কৰিব। স্ক্যাণ্ডিনেভিয়া প্ৰভাৱিত সূক্ষ্ম ডিজাইন শৈলী আৰু দক্ষতাৰ বাবে পৰিচিত গ্ৰ’ট’ৱে সৰলতা, স্বচ্ছ ৰেখা আৰু জীৱন-যাপনৰ এক সুশৃংখলিত পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আধুনিক ভাৰতীয় পৰিয়ালসমূহক আকৰ্ষণ কৰে, যিটো তেওঁলোকৰ অত্যাধুনিক ডিজাইনসমূহৰ সৈতে অনুৰণিত হয়।

BAIC প্ৰদৰ্শনীত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত কোম্পানীটোৰ উৎসাহ ব্যক্ত কৰি গ্ৰ’ট’ৰ সহ-প্ৰতিষ্ঠাপক ধৰ্মেন্দ্ৰ গাৰ্গে কয়, “আমি উত্তৰ-পূব ভাৰতত আমাৰ সামগ্ৰীৰ উপলব্ধতা সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰি আনন্দিত হৈছোঁ। অঞ্চলটোৰ মুখ্য চহৰসমূহৰ ডিলাৰ আউটলেটত আমাৰ সামগ্ৰী উপলব্ধ কৰাৰ ওপৰত আমি বিশেষ গুৰুত্ব দিছোঁ। এই সম্প্ৰসাৰণ আমাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ, আৰু আমি উত্তৰ-পূবৰ অধিকসংখ্যক গ্ৰাহকৰ মাজত প্ৰৱেশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। BAIC প্ৰদৰ্শনী ২০২৪ত আমাৰ অংশগ্ৰহণে আমাৰ উদ্ভাৱনী সামগ্ৰীবোৰ প্ৰদৰ্শন কৰিবলৈ আৰু উদ্যোগৰ আন আন অংশীদাৰসকলৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত এক উৎকৃষ্ট মঞ্চ প্ৰদান কৰিব।”

মন কৰিবলগীয়া যে, BAIC প্ৰদৰ্শনীত গ্ৰ’ট’ই নিজৰ বাথৰুম আৰু ৰান্ধনীশালৰ সামগ্ৰীৰ বিস্তৃত পৰিসৰ প্ৰদৰ্শন কৰিব, যিবোৰ কেইবাটাও শৈলীৰ ওপৰত ভিত্তি কৰি সংগঠিত কৰাৰ লগতে বিভিন্ন গ্ৰাহকৰ প্ৰফাইলৰ লগত খাপ খুৱাই বিভিন্ন উপ-ব্ৰেণ্ডৰ অধীনত আগবঢ়োৱা হৈছে। এই সামগ্ৰীসমূহ আধুনিক ঘৰৰ বাবে এক সমন্বিত আৰু আকৰ্ষণীয় ৰূপ প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে আৰু ইয়াত থাৰ্মোষ্টেটৰ পৰা ইলেক্ট্ৰনিক টয়লেট চিটলৈকে অত্যাধুনিক প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা হৈছে।

BAIC প্ৰদৰ্শনীত উপস্থিতসকলে প্ৰদৰ্শনী এলেকাত শীৰ্ষ নিৰ্মাতা আৰু সেৱা প্ৰদানকাৰীসকলৰ প্ৰদৰ্শনৰ সৈতে একেলগে গ্ৰ’ট’ৰ সামগ্ৰীসমূহ অন্বেষণ কৰাৰ সুযোগ লাভ কৰিব। এই অনুষ্ঠানত উদীয়মান উদ্যোগৰ ধাৰা, বহনক্ষম নিৰ্মাণ পদ্ধতি আৰু স্মাৰ্ট প্ৰযুক্তিৰ সংহতিৰ ওপৰত তথ্যসমৃদ্ধ আলোচনা চক্ৰ, ব্যৱহাৰিক কৰ্মশালা আৰু আকৰ্ষণীয় পেনেল আলোচনা আদিও অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, বিলাসী ব্ৰেণ্ড গ্ৰ’ট’ৱে বিভিন্ন থীম আৰু উপ-ব্ৰেণ্ডত ডিজাইন কৰা বাথৰুম আৰু ৰান্ধনীশালৰ সামগ্ৰীৰ এক বিস্তৃত শৃংখলা আগবঢ়ায়, যাৰ প্ৰতিবিধ সামগ্ৰীয়ে এক অনন্য শৈলী প্ৰতিফলিত কৰাৰ লগতে গ্ৰাহকৰ বিভিন্ন পছন্দ পূৰণ কৰি আহিছে। কোম্পানীটোৰ বিস্তৃত স্নান সমাধানসমূহে এক অত্যাধুনিক, ষ্টাইলিছ ফিনিছিঙৰ বাবে সমন্বিত সামগ্ৰীৰ সৈতে এক সংহত ৰূপ প্ৰদান কৰে। উন্নত থাৰ্মোষ্টেটৰ পৰা ইলেক্ট্ৰনিক টয়লেট চিটলৈকে অত্যাধুনিক প্ৰযুক্তিৰ বৈশিষ্ট্যযুক্ত গ্ৰ’ট’ পৰিসৰ প্ৰযুক্তি আৰু ডিজাইন দুয়োটা দিশতে বিশ্বজনীন ধাৰাসমূহৰ শীৰ্ষত উপনীত হৈছে।

গ্ৰ’ট’ৰ বিষয়ে: গ্ৰ’ট’ হৈছে বাথৱেৰ আৰু চেনিটেৰীৱেৰ সামগ্ৰীৰ বিশেষ প্ৰিমিয়াম বিলাসী ব্ৰেণ্ড। স্ক্যাণ্ডিনেভিয়ান ডিজাইন নীতি আৰু সূক্ষ কলাত্মক দৃষ্টিভংগীৰে প্ৰস্তুত কৰা গ্ৰ’ট’ৰ সামগ্ৰীসমূহৰ বৈশিষ্ট্য হৈছে সৰলতা, দক্ষতা আৰু উচ্চ নান্দনিক মূল্য। ব্ৰেণ্ডটোৱে বিলাসী জীৱনশৈলীৰ নতুন মানদণ্ড নিৰ্ধাৰণ কৰি সমগ্ৰ ভাৰততে নিজৰ উপস্থিতি সম্প্ৰসাৰণ অব্যাহত ৰাখিছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.