মোক এমুঠি ৰ’দৰ প্ৰয়োজন
মোক এমুঠি ৰ’দৰ প্ৰয়োজন
ভ্ৰষ্টাচাৰী শাসকৰ হদয়
আলোকিত কৰিবলৈ
ক্লেদাক্ত পথবোৰ মসৃণ কৰিবলৈ
অৰণ্যৰ জীৱকূল ৰক্ষা কৰিবলৈ
মোক এমুঠি ৰ’দৰ প্ৰয়োজন
মলিনতাৰে পৰিপূৰ্ণ হৃদয়বোৰ
ফিল্টাৰ কৰিবলৈ
মানৱ সত্বা জাগ্ৰত কৰিবলৈ
চিকাৰীৰ লালসাক মহিমূৰ কৰিবলৈ
মোক এমুঠি ৰ’দৰ প্ৰয়োজন
হালধীয়া পাতবোৰক সেউজীয়া কৰিবলৈ
আন্ধাৰ গলিবোৰত পোহৰ বিলাবলৈ
আৱৰ্জনা বোৰ নিকা কৰিবলৈ
বীজাণুমুক্ত সমাজ গঢ়িবলৈ
মোক এমুঠি ৰ’দৰ প্ৰয়োজন
দানৱতাৰ হিংস্ৰতাক মহিমূৰ কৰিবলৈ
দ্বি-খণ্ডিত হৃদয়বোৰ যোৰা দিবলৈ
সংজ্ঞাহীন মস্তিষ্কবোৰ কাৰ্যক্ষম কৰিবলৈ
এটি শোষণমুক্ত সমাজ গঢ়িবলৈ।
কবি: থানেশ্বৰী কুৰ্মী গঞ্জু বৰগাং শিক্ষয়িত্ৰী
Leave a Reply