শেহতীয়া আপডেটঃ

স্বাস্থ্য আৰু সেউজ সচলতাৰ প্ৰচাৰাৰ্থে ৰেডিচন ব্লু গুৱাহাটীৰ সফল ৱাকাথনৰ আয়োজন

স্বাস্থ্য আৰু সেউজ সচলতাৰ প্ৰচাৰাৰ্থে ৰেডিচন ব্লু গুৱাহাটীৰ সফল ৱাকাথনৰ আয়োজন

এটি সামূহিক উদ্দেশ্যক বাস্তৱায়িত কৰাৰ হকে ২০০ ৰো অধিক অংশগ্ৰহণকাৰীৰ গুৱাহাটী ৱাকাথনত যোগদান

 

অসম খবৰ গুৱাহাটী; ২৩ জুন, ২০২৪: আমাৰ স্বাস্থ্য আৰু পৰিবেশৰ হকে খোজকঢ়াৰ স্বাস্থ্যসন্মত অভ্যাস প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি যোৱা ২৩ জুন তাৰিখে ৰেডিচন ব্লু গুৱাহাটীত এক ৱাকাথনৰ আয়োজন কৰা হয়। অসম চৰকাৰৰ আয়ুক্ত তথা সচিব আইএএছ শ্ৰীযুত এছ এছ মীনাক্ষী সুন্দৰমে আজি হোটেল চৌহদৰ পৰা ৱাকাথনৰ ফ্লেগ অফ কৰে।

ৰেডিছন হোটেল গ্ৰুপ চাউথ এছিয়াই ২০২৪ চনৰ জুন মাহটোক কমিউনিটি আৰু প্লেনেট একচন মাহ হিচাপে পালন কৰিছে। এই সময়ছোৱাত গোটটোৱে পৰিৱেশ স্বেচ্ছাসেৱী কাৰ্য্যকলাপৰ জৰিয়তে সম্প্ৰদায়ৰ সংযোগক অগ্ৰাধিকাৰ দিয়ে।

এই পদক্ষেপৰ অংশ হিচাপে, হোটেলৰ সমূহ সদস্য আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক একত্ৰিত কৰি ৰেডিচন ইণ্ডিয়া চেৰিটেবল ফাউণ্ডেশ্যনৰ বাবে ধন সংগ্ৰহ কৰাৰ উদ্দেশ্যে ৰেডিচন হোটেল গ্ৰুপ চাউথ এছিয়াই ২১-২৩ জুনত সমগ্ৰ ভাৰতত ‘ৱাকাথন – ৱাক টুগেদাৰ ফৰ এ কজ’ৰ আয়োজন কৰে।

ৰেডিচন ব্লু গুৱাহাটীয়ে ২৩ জুন তাৰিখে ৱাকাথন আয়োজনৰ উদ্যোগ গ্ৰহণ কৰে। “আমাৰ লক্ষ্য আৰু দৃষ্টিভংগী হৈছে ৰেডিচন ইণ্ডিয়া চেৰিটেবল ফাউণ্ডেচনৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ সমান্তৰালকৈ সেউজ সচলতা, স্বাস্থ্য আৰু কল্যাণৰ প্ৰচাৰ কৰা। ইয়াৰ উপৰিও, আমি এক শক্তিশালী সম্প্ৰদায় গঢ়ি তুলিব বিচাৰিছিলোঁ আৰুতোলাৰ লগতে সকলো অংশগ্ৰহণকাৰীৰ বাবে এক উপভোগ্য অনুষ্ঠান সৃষ্টি কৰিব বিচাৰিছিলোঁ। অনুষ্ঠানটোৱে দলৰ সদস্যসকলক এক স্বাস্থ্যকৰ জীৱনশৈলী আৰু বহনক্ষম অনুশীলনৰ প্ৰচাৰৰ সুযোগ প্ৰদান কৰে। সকলোৰে এনে উৎসাহী অংশগ্ৰহণ দেখি আমি আনন্দ লাভ কৰিছোঁ আৰু আমাৰ সমাজ তথা পৰিৱেশ উভয়কে উপকৃত কৰা এটি কামত অৰিহণা যোগাবলৈ পাই আমি অতি সুখী হৈছোঁ।” ৰেডিচন ব্লু গুৱাহাটীৰ পৰিচালক অংকুৰ মেহৰোত্ৰাই কয়।

এই ৱাকাথনত অংশগ্ৰহণ কৰিবলৈ ৰাতিপুৱা ৰেডিছন ব্লু হোটেলত ২০০ৰো অধিক লোক সমবেত হয়। ফ্লেগ অফৰ পূৰ্বে শৰীৰ আৰু মন সতেজ কৰি ল’বলৈ সকলোৱে এক উৎসাহপূৰ্ণ জুম্বা অধিবেশনত অংশগ্ৰহণ কৰে।

ফ্লেগ অফৰ পিছত ৰেডিচন ব্লুৰ পৰা ৪ কিলোমিটাৰজোৰা পথ সামৰি ৱাকাথনটো পুনৰ হোটেললৈ উভতি আহে। অংশগ্ৰহণকাৰীসকলৰ বাবে ব্ৰেকফাষ্টৰ সৈতে সৰু মিট-এণ্ড-গ্ৰিট অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰোপৰি, ৰেডিচন ব্লু গুৱাহাটীৰ তৰফৰপৰা প্ৰমাণ পত্ৰও প্ৰদান কৰা হয়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.