বিশ্বনাথত জিলা কৃষি বিভাগৰ উদ্যোগ আজিৰে পৰা পি এম কিষাণ আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ বিশেষ শিৱিৰৰ আয়োজন

বিশ্বনাথত জিলা কৃষি বিভাগৰ উদ্যোগ

আজিৰে পৰা পি এম কিষাণ আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ বিশেষ শিৱিৰৰ আয়োজন

বিশ্বনাথ চাৰিআলি, ১০ জুন :

প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি অৰ্থাৎ পি এম কিষাণ আঁচনিৰ সফল ৰূপায়নৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বিশ্বনাথতো জিলা কৃষি বিভাগৰ উদ্যোগত বিশেষ তৎপৰতা আৰম্ভ কৰা হৈছে। পি এম কিষাণ আঁচনিৰ অধীনত জিলাখনৰ যোগ্য হিতাধিকাৰীসকলে ১৭ নং কিস্তিৰ ধন লাভ কৰিবলৈ আৰু পৰৱৰ্তী কিস্তিসমূহ লাভ কৰাত সহায়ক হোৱাকৈ আজিৰে পৰা জিলাখনৰ ৯ টা কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত পি এম কিষাণ আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ বিশেষ শিৱিৰৰ আয়োজন কৰা হৈছে।

আঁচনিখনৰ অধীনৰ সুবিধা লাভত আগন্তুক সময়ত কৃষক ৰাইজ যাতে কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, সেই উদ্দেশ্যেৰে প্ৰথমে কৃষক সন্মান নিধি আঁচনিৰ ভিএনঅ’ সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। অহা ২৫ জুনলৈকে অনুস্থিত হ’ব লগীয়া শিবিৰ সমূহত কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে বেংক তথা সামূহিক সেৱা কেন্দ্ৰ (CSC) ৰ কৰ্মচাৰী উপস্থিত থাকি কৃষকৰ ই-কেৱাইচি (E-KYC), ভূমিলেখ্য সংযোজন, বেংক একাউণ্টত আধাৰ সংযোজনকে ধৰি এই আঁচনি সম্বন্ধীয় সকলো সমস্যা সমাধান কৰিব।

হিতাধিকাৰী কৃষক সকলৰ সুবিধাৰ্থে পুৱা ১০.০০ বজাৰ পৰা অনুষ্ঠিত হোৱা শিবিৰ সমূহত ৰাইজক অংশগ্ৰহণ কৰি লাভাম্বিত হ’বলৈ জিলা কৃষি বিষয়া বাণেশ্বৰ বেয়ে আহ্বান জনাইছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*