বিভাগৰ নাম সলনি হ’ল কিন্তু মুকলি নহ’ল বিভাগৰ গুৰুত্বপূৰ্ণ কাৰ্য্যলয় গৃহ:
বিশ্বনাথ ১৭ মে:
আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল। এতিয়া এই বাক্য শাৰী যেন এটা চৰকাৰী বিভাগৰ কাৰ্যালয়ৰ ক্ষেত্ৰতত ব্যৱহাৰ কৰিব লগা হৈছে। আচলতে আছে গৰু নাবায় হাল থকাকৈ নথকাই ভাল উক্ত বাক্য শাৰী তথা ফকৰা যোজনাটো অসমীয়া সমাজত সততে ব্যৱহাৰ হোৱা দেখা যায় । আচলতে এই কথাফাকিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হয় যে যিকোনো গুৰুত্বপূৰ্ণ বস্তু বা মূল্যবান সমাগ্ৰী যদি ব্যৱহাৰ কৰা নহয়। এতিয়া যে এই বাক্য শাৰী অসমৰ চৰকাৰ ব্যায়াম বিভাগৰ গড়কাপ্টক বিভাগৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে।
উল্লেখযোগ্য বিভাগটোৰ পূৰ্বে নাম আছিল গড়কাপ্টিক বৰ্তমান এই বিভাগটোৰ নাম হৈছে লোক নিৰ্মাণ বিভাগ।
কিন্তু বিভাগটোৰ নাম সলনি হ’ল কিন্তু বিভাগটোৰ কাৰ্যালয়টো মুকলি নহ’ল পাঁচটা বছৰে। দিনৰ পিচত দিন পাৰ হৈছে কিন্তু আজিলৈ চৰকাৰী কাৰ্যালয়টোত খোজ নেপেলালে বিভাগীয় কোনো এজন বিষয়া তথা কৰ্মচাৰীয়ে। বিশ্বনাথৰ লোক নিৰ্মাণ বিভাগৰ তথ্য অনুসৰি এই গৃহটো নিৰ্মাণ কৰা প্ৰায় পাঁচটা বছৰ অতিক্ৰম কৰিলে। কিন্তু বিগত ৫ টা বছৰৰো অধিক কাল বন্ধ হৈ থকাত জৰাৰ্জীণ ৰূপ ধাৰণ কৰিছে এই জিৰণি গৃহটোৱে। কিন্তু পাঁচটা বছৰ অতিক্ৰম কৰা পিছতো এই গৃহটি মুকলি কৰিবলৈ সক্ষম নহ’ল লোক নিৰ্মাণ বিভাগে। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেৰেলীয়াত অৱস্থিত এই লোক নিৰ্মাণ বিভাগৰ জিৰণি গৃহটি এতিয়া মাথোঁ তলা লগাই থোৱা বাহিৰে নাই কোনো কৰ্মচাৰী । বিগত পাঁচটা বছৰে তলা লগাই বন্ধ কৰি ৰাখিছে লোক নিৰ্মাণ বিভাগে। কিন্তু এই গৃহটি আচলতে নিৰ্মাণ কৰা উদ্দেশ্য আছিল দূৰ-দূৰনী লোকে যাত্ৰা কৰা সময়ত কিবা অসুবিধা সন্মুখীন হ’লে তেতিয়া এই গৃহটোত নিশা বা দিনৰ ভাগত জিৰণি লয়। কিন্তু এতিয়া এই গৃহটি চাৰিওফালে মাথোঁ হাবি-জংঘলৰ আবৰি থকা দেখা গৈছে।
যাৰ ফলত একাংশ লোকে নিশা হলেই বিভিন্ন অনৈতিক কাৰ্য কৰা এক সুবিধা জনক স্থান হিচাপে গ্ৰহণ কৰে।
এই দৰে চৰকাৰে ৰাজ ভড়ালৰ লাখ লাখ টকাৰ ব্যৱহাৰ কৰি গৃহটি নিৰ্মাণ কৰি পেলাই থোৱা ফলত এতিয়া হাবি জংঘলে ভৰি পৰিছে। এই দৰে হাবি জংঘলে আবৰি থকাত স্থানীয় লোকে অসন্তুষ্টি প্ৰকাশ কৰে।
Leave a Reply