ৰাজ্যত আজিৰে পৰা পুনৰ বৃদ্ধি পালে বিলাতী সুৰাৰ মূল্য আজিৰ পৰা ১৫২ টকাৰ পৰা ৩১২ টকা পৰ্যন্ত দাম বৃদ্ধি পালে বিলাতী সুৰাৰ । এতিয়া চৰকাৰে সুৰাৰ দাম বৃদ্ধি কৰি ৰাজভঁৰাল চহকী কৰিবলৈ চেষ্টা কৰিছে ।
তেজপুৰ, ১ এপ্ৰিল: ৰাজ্য়ৰ সুৰাপায়ীসকলৰ বাবে বেয়া খবৰ । কাৰণ আজিৰে পৰা ৰাজ্যত বৃদ্ধি পালে বিলাতী সুৰাৰ মূল্য । ৰাজ্য চৰকাৰে যি কোনো মূল্যৰ বিনিময়ত বিভিন্ন ধৰণৰ সামগ্ৰীৰ দাম বৃদ্ধি কৰি ৰাজ্যৰ ৰাজভঁৰাল চহকী কৰিবলৈ চেষ্টা কৰিছে । ইয়াৰে অংশ ৰূপে পুনৰ বৃদ্ধি কৰিলে বিলাতী সুৰাৰ দাম ।
শেহতীয়াভাৱে ৰাজ্য চৰকাৰে অৱকাৰী ৰাজহ বৃদ্ধি কৰিবলৈ এই ব্যৱস্থাৰ গ্ৰহণ কৰিছে । পূৰ্বতে ২০২৩ ত সুৰাৰ মূল্য বৃদ্ধি কৰিছিল ৰাজ্য চৰকাৰে । তেতিয়া ৰাজ্যৰ অৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কৈছিল,” যিসকলে সুৰাপান কৰে তেওঁলোকে যিমান দাম বাঢ়িলেও খাবই ।” তেজপুৰত এই বিষয়ে ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীক প্ৰশ্ন কৰাত কয় যে তেওঁলোকলৈ অৱকাৰী বিভাগৰ পৰা এখন মূল্য়ৰ তালিকা প্ৰেৰণ কৰিছে আৰু সেই অনুসৰি ইয়াক বিপণিত ব্যৱহাৰ কৰা হৈছে । আজি বৃদ্ধি পোৱা ৭৫০ মিলি লিটাৰৰ সুৰাৰ বিপৰীতে দাম বৃদ্ধি হৈছে ১৫০ টকাৰ পৰা ৩১২ টকালৈ । সেই অনুসৰি সাধাৰণ ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাৰ মূল্য বৃদ্ধি ১৫২ টকাকৈ ।
আনহাতে, ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত ১৩০ টকাকৈ বৃদ্ধি পাইছে বুলি তেওঁলোকে কয় । সেইদৰে লাক্সাৰী ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত ১৭৫ টকা বৃদ্ধি কৰিছে । এলিগেণ্ট ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰ সুৰাৰ মূল্য বৃদ্ধি ২২৫ টকাকৈ । তদুপৰি প্ৰিমিয়াম ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰ সুৰাৰ মূল্য বৃদ্ধি হ’ব ৩১২ টকালৈ ।
আনহাতে, ৬৫০ মিলি লিটাৰ বিয়েৰৰ মূল্য ২০ টকাকৈ বৃদ্ধি পালে । উল্লেখযোগ্য যে বিগত সময়চোৱাত ২০১৪ ৰ পৰা বৰ্তমানলৈকে অৰ্থাৎ বিজেপি চৰকাৰৰ দিনত ৰাজ্য়ত ১৬ খন নতুন বিলাতী সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে আৰু ৬৮৫ খন নতুন বাৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে । তদুপৰি বহুকেইখন নিৰ্বাচনৰ পিছত অনুমতি দিয়াৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে বিগত সময়ত বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে সুৰাৰ প্ৰচলন বন্ধ কৰাৰ বাবে দাবী জনোৱাৰ পাছতো চৰকাৰে নতুন নতুন বিলাতী সুৰাৰহে অনুজ্ঞাপত্ৰ দিছে । ইয়াৰ অৰ্থ অপ্রিয় হ’লেও সত্য যে আবকাৰী ৰাজহৰ ওপৰত নিৰ্ভৰ কৰি যেন চলি আছে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ।
বাতৰি সংগ্ৰহ ETV Bharat Assames
Leave a Reply