বিহালী-নাচবৰৰ স্বৰ্গীয় উমা ভৰালীৰ শোকাকুল পৰিয়ালৰ সমভাগী হ’ল জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, বিহালী প্ৰেছ ক্লাৱ
অসম খবৰ বেদেতী ৩১ মাৰ্চঃ বিহালীৰ নাচবৰৰ প্ৰতিষ্ঠিত ক্ষুদ্ৰ চাহ খেতিয়ক তথা চাহ উদ্যোগী স্বৰ্গীয় উমা ভৰালীৰ শোকাকুল পৰিয়ালৰ কাষত থিয় হ’ল জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসম ।
আজি বিয়লি বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মা, জনগোষ্ঠীয় সাংস্কৃতিক যুৱ ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডম্বৰুধৰ দাস, বিশ্বনাথ জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ উপদেষ্টা লক্ষ্মীকান্ত শৰ্মা, সম্পাদক দিগন্ত কুমাৰ দাস, উপ-সভাপতি কানু দে’ , প্ৰচাৰ সম্পাদকদ্বয় ক্ৰমে ভুৱন লুইটেল আৰু খগেন মটক মৃতকৰ বাসগৃহত উপস্থিত হৈ এটি শোকবাৰ্তা পৰিয়ালটিক প্ৰদান কৰে ।
উল্লেখযোগ্য যে, যোৱা ২৪ মাৰ্চত উচ্চ ৰক্তচাপত ভুগি ষ্ট্ৰ’ক হৈ মৃত্যু হৈছিল নাচবৰৰ
উমা ভৰালীৰ ।
Leave a Reply Cancel reply