বিহালীৰ বটিয়ামাৰীত ‘কিড্-জী’ শীৰ্ষক বিদ্যালয় উদ্বোধন
অসম খবৰ দিগন্ত কুমাৰ দাস ১ এপ্ৰিল-
বিহালীৰ বটিয়ামাৰীত এক শৈক্ষিক বাতাৱৰণ সৃষ্টিৰে সমাজত বৌদ্ধিক আন্দোলন গঢ়ি তোলাৰ মানসেৰে, নিম্নতম ব্যয়ৰ বিনিময়ত উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি ‘কিড্-জী’ নামেৰে এখন প্ৰাক্-প্ৰাথমিক বিদ্যালয়ৰ আজি উদ্বোধন কৰা হয়। বিহালীৰ জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কিশোৰ নাথে আনুষ্ঠানিক ভাৱে বিদ্যালয়খন উদ্বোধন কৰে। বিদ্যালয়ৰ অধ্যক্ষ স্বৰূপ গুৰাগাঈয়ে পৰিচালনা কৰা সভাখনত অঞ্চলটোৰ বিশিষ্ট ক্ষুদ্ৰ চাহ উদ্যোগী কুমুদ শইকীয়া আৰু তপন কাকতি, বটিয়মাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তুলা উপাধ্যায়, পৰশু শৰ্মা, ৰামলাল সোৱৰণী ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নবীন চুবেদী, সাংবাদিক ত্ৰয় ক্ৰমে ভুৱন লুইটেল, খগেন মটক আৰু অম্লান কাশ্যপ চাহা, উদ্যমী যুৱক নীৰজ ছেত্ৰী, জিলা পৰিষদৰ প্ৰাক্তন সদস্য দিপীকা ঢাকালসহ শতাধিক অভিভাৱকৰ
উপস্থিতিত বিদ্যালয়ৰ শিশু সললক পাঠ্যক্ৰমৰ কিতাপ-পত্ৰ বিতৰণ কৰা হয়। উল্লেখ্যযোগ্য যে, বিদ্যালয়ৰ সকলো কাম-কাজ ডিজিটেল পদ্ধতিৰ দ্বাৰা পৰিচালনা কৰাৰ উপৰিও খেলা-ধুলাৰ সা-সৰঞ্জাম আদি অত্যাধুনিক বয়- বস্ত উপলব্ধ । জানিব পৰামতে অনুষ্ঠানভাগৰ পৰিচালন-সঞ্চালকৰ দায়িত্বত আছে বিশিষ্ট উদ্যোগপতি ৰঞ্জন চাপকোটা।
Leave a Reply