অসমৰ ৪ জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন(ASFPA)ৰ ম্যাদ ছমাহলৈ বৃদ্ধি

Featured Image

♦ কেন্দ্ৰীয় চৰকাৰে অসমৰ ৪খন জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ ছমাহলৈ বৃদ্ধি কৰিছে। অহা ১ এপ্ৰিলৰ পৰা ছমাহলৈ অশান্ত অঞ্চল হিচাপে চিহ্নিত কৰা অসমৰ ৪কন জিলা হ’ল তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ আৰু ডিব্ৰুগড়। ইপিনে নাগালেণ্ডৰ ৮খন জিলাত আৰু অৰুণাচল প্ৰদেশৰ এখন জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ আৰু ছমাহলৈ বৃদ্ধি কৰিছে। নাগালেণ্ডৰ ৮খন জিলাৰ ২১খন থানাৰ অন্তর্গত অঞ্চলসমূহৰ লগতে অৰুণাচল প্ৰদেশৰ ৩ খন থানাৰ অন্তৰ্গত অঞ্চলসমূহ এই আইনৰ অন্তৰ্গত থাকিব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*