■ ইউপিপিএল এ বিটিচিক আই চি ইউত ৰাখিছে! কোনো শক্তিয়ে আমাক পৰাভূত কৰিব নোৱাৰে: হাগ্ৰামা
ওদালগুৰিৰ পৰা চিন্ময় ডেকা: কোনো শক্তিয়ে আমাক পৰাভূত কৰিব নোৱাৰে।কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিত আমি দুয়োটা সমষ্টিতে প্ৰাৰ্থিত্ব আগবঢ়াম। বি জে পিৰ সৈতেও আমাৰ মিত্ৰতা নাই, কংগ্ৰেছৰ সৈতেও নাই আৰু ইউ পি পি এলৰ সৈতেও আমাৰ মিত্ৰতা নহয়। মুঠতে কোনো দলৰ সৈতে মিত্ৰতা নকৰাকৈ আমি দুয়োটা সমষ্টিতে জয়লাভ কৰিম।
প্ৰাৰ্থী তালিকা আমাৰ ঠিক হৈ আছে। নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দুদিন পিছতে আমাৰ প্ৰাৰ্থী ঘোষণা কৰিম। লোকসভা নিৰ্বাচনকলৈ আজি ওদালগুৰি জিলা বি পি এফৰ উদ্যোগত নলবাৰী খেলপথাৰত আয়োজিত এক বিশাল নিৰ্বাচনী সভাত এইদৰে কয়- বি পি এফৰ সভাপতি তথা বি টি চিৰ প্ৰাক্তন চীফ হাগ্ৰামা মহিলাৰীয়ে।
প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে পৰিচালনা কৰা উক্ত বিশাল সভাত ভাষন প্ৰসংগত মহিলাৰীয়ে লগতে কয়- আপোনালোকে বি পি এফ দল শাসনত থকাতো বিচাৰে নে নাই। যদি বিচাৰে আমাক সহায় কৰক। আমি নিজৰ বাৱে নিজৰ বাবে শাসনত থাকিব বিচৰা নাই। বি টি চি ৰক্ষা কৰিহে শাসনটো আনিব লাগে। বি টি চিটো ধ্বংস কৰিলে। যদি বি টি চি ৰক্ষা ৰাখিব লাগে তেতিয়া হলে ওলাই আহক আমাৰ লগত। ভাষণত তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় দিশপুৰতহে চৰকাৰৰ সৈতে আমাৰ বিধায়ক সকলৰ সমন্বয় আছে।দলীয়ভাৱে বি জে পি বা আন দলৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই।
ভাষণত প্ৰমোদ বড়োকো তীব্ৰ আক্ৰমণ কৰি কয় প্ৰমোদ বড়োৱে কি মাটিৰ পট্টা দিব সি মাটি দিয়া মানুহ নহয়, মাটি লোৱা মানুহে বুলিও কটাক্ষ কৰে হাগ্ৰামা মহিলাৰীয়ে। সভাত ভাষণ দি মাজবাট সমষ্টিৰ বিধায়ক চৰন বড়োৱে ইউ পি পি এল দলক আক্ৰমন কৰি কয় ইউ পি পি এল দল বৰ্তমান বি জে পিৰ আই চি ইউত আছে। নিজস্ব হেৰুৱাই পেলাইছে তেওঁলোকে যি আশাৰে ৰাইজে ইউ পি পি এল দলক ভোট দিছিল সেই আশা পুৰনত ব্যৰ্থ হৈছে। এক প্ৰকাৰ নিশকটীয়া হৈ পৰিছে ইউ পি পি এল দল। ফাঁকি দি চলি আছে তেওঁলোকে। আজিৰ সভাত কেইবাগৰাকীও বি পি এফৰ নেতা উপস্থিত থকা জনসভাত সহস্ৰাধিক লোকে সমবেত হয়। উক্ত সভাত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ সৰকাৰ, প্ৰদীপ দৈমাৰী, ৰৱিনচন মুছাহাৰী আদিৰ উপৰি দলটোৰ নেতা-কৰ্মীসহ প্ৰায় বিশ হাজাৰ সমৰ্থকে জনসভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷
Leave a Reply