পৰ্বতঝোৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ শংকিত গঞা ৰাইজ

বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ হাতে হাতে লাঠি জং লৈ হাতী খেদিবলৈ তৎপৰ ৰাইজ৷ ইফালে পৰ্বতঝোৰা বন সংমণ্ডল বিষয়া কৰ্মচাৰী কুম্ভ কৰ্ণ নিদ্রাত৷ ৰাইজৰ প্ৰশ্ন দৃষ্টি আকৰ্ষণ কৰিব নে বিটিআৰ চীফ প্ৰমোদ বড়োৰ৷

উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন সংমণ্ডল কাৰ্য্যালয়ৰ বিভিন্ন অঞ্চলত খাদ্যৰ অভাৱত ঘন অৰণ্য এৰি জন বসতি অঞ্চলত বনৰীয়া হাতীয়ে মানুহৰ ঘৰবাৰী, খাদ্য সামগ্ৰীৰ বিস্তৰ ক্ষতি সাধন কৰি থকাৰ সময়তে বুধবাৰে নিশা আলমগঞ্জ দামপুৰ তৃতীয় খণ্ড গাঁৱত বনৰীয়া হাতীৰ মুক্ত বিচৰণ কৰা প্ৰত্যক্ষ কৰি সাধাৰণ ৰাইজ তীব্ৰ আতংকত উজাগৰে নিশা থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*