31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    ভেলাখামাৰৰ ধৰ্মপ্ৰাণা মহিলা মোহিনী বালা শৰ্মাৰ পৰলোক

    ♦কন্দৰ্প কুমাৰ দেৱ নাথ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া ভেলাখামাৰ গাৱঁৰ ধৰ্মপ্ৰাণা মহিলা মোহিনী বালা শৰ্মাৰ যোৱা নিশা দেহাৱসান ঘটে৷ ভেলাখামাৰ ছোৱালী মজলীয়া বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক ৰূপে অবসৰ গ্ৰহণ কৰা প্ৰয়াত ৰৱীন্দ্ৰ নাৰায়ণ দেৱ শৰ্মাৰ সহধৰ্মিনী মোহিনী বালা শৰ্মাৰ মৃত্যুত অঞ্চলটোত শোঁকৰ ছাঁ পৰে৷ উল্লেখ যোগ্য যে বিগত প্ৰায় এবছৰে বাৰ্ধ্যকজনিত ৰোগত শয্যাশায়ী হৈ থকা বয়োজ্যেষ্ঠা মহিলা গৰাকীয়ে যোৱা নিশা প্ৰায় ২ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত মহিলা গৰাকীৰ বয়স আছিল ৯৭ বছৰ৷ মৃত্যুৰ সময়ত প্ৰয়াত মোহিনী বালা শৰ্মাই চাৰি পুত্ৰ, দুই কন্যা,বোৱাৰীসহ ভালে কেইগৰাকী নাতি-নাতিনী, আত্মীয় কুটুম্ব ইহ সংসাৰত এৰি থৈ যায়৷ আজি দুপৰীয়া বৃদ্ধা গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds