Wednesday, July 30, 2025
26 C
Guwahati
TOP NEWS:

বিহালীৰ বেদেতীত ‘বিশ্বনাথ জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসম’ৰ সভা /যুৱ ঐক্য মঞ্চৰ তদৰ্থ জিলা সমিতি গঠন

- Advertisement -

বিহালীৰ বেদেতীত ‘বিশ্বনাথ জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসম’ৰ সভা /যুৱ ঐক্য মঞ্চৰ তদৰ্থ জিলা সমিতি গঠন

অসম খবৰ বেদেতী, ১৮ ফেব্ৰুৱাৰীঃ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ বিশ্বনাথ জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আজি বেদেতীৰ আৰ কে সোঁৱৰণী কনিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় ।মঞ্চৰ জিলা সভাপতি ডম্বৰুধৰ দাসে সভাপতিত্ব কৰা সভাখন এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শ্ৰী শ্ৰী বাংশবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ ৰূপম গোস্বামীয়ে । অনুষ্ঠানৰ আঁ‌ত ধৰে জিলা সমিতিৰ সম্পাদক দিগন্ত কুমাৰ দাসে । সভাত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ লক্ষ্য, উদ্দেশ্য, বিভিন্ন কাৰ্যসূচী সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায় কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, কলাশ্ৰী বিনোদ খনালে ।সভাত উপস্থিত সকলৰ ফালৰ পৰা প্ৰাক্তন ছাত্ৰ নেতা নিৰঞ্জন দাস, দিগন্ত দাস, সমাজকৰ্মী নাৰায়ণ আচাৰ্য, সাহিত্যিক পেন্সনাৰ লক্ষ্মীকান্ত শৰ্মা, আৰ কে সোঁ‌ৱৰণী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ পলাশজ্যোতি কোঁ‌চ আদিয়ে বক্তব্য আগবঢ়ায় ।আজিৰ সভাত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি ডম্বৰুধৰ দাসে পদৰ পৰা অব্যাহতি লোৱাত, সৰ্বসন্মতিক্ৰমে পলাশ জ্যোতি কোঁ‌চক জিলা সমিতিৰ সভাপতি হিচাপে মনোনীত কৰা হয় ।আনহাতে, মঞ্চৰ ভাতৃ সংগঠন ‘যুৱ ঐক্য মঞ্চ‘ ৰ জিলা সমিতি গঠনৰ বাবে নিৰঞ্জন দাসক সভাপতি, বিশ্বজিৎ ৰয়, অমৰজ্যোতি ফুকনক উপ-সভাপতি, দিগন্ত দাসক সম্পাদক, সুৰুজজ্যোতি দাস, দিগন্ত ভাৰদ্বাজ, কৰণ শইকীয়া, ৰিয়ন বৰা, কল্যাণজ্যোতি শৰ্মা, সুৰভি দৈমাৰীক সহকাৰী সম্পাদক হিচাপে লৈ এখন শক্তিশালী তদৰ্থ সমিতি গঠন কৰা হয় ।এই সমিতি খনে আগন্তুক এপ্ৰিল মাহৰ ভিতৰত বিশ্বনাথ জিলা ভিত্তিক এখন পূৰ্ণাঙ্গ ‘যুৱ ঐক্য মঞ্চ’ ৰ সমিতি গঠন কৰাৰ লগতে দুয়োটা সংগঠনৰ উদ্যোগত এক জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ।অনুষ্ঠানত আয়ন পৰাজুলীয়ে এটি ভূপেন্দ্ৰ সঙ্গীত, বাৰ্বী নাৰ্জাৰীয়ে এটি আধুনিক নৃত্য আৰু বৰজুলী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰীসকলে এটি চাওঁতালী নৃত্য পৰিৱেশন কৰে ।উল্লেখ্য যে, আগন্তুক ২০ ফেব্ৰুৱাৰীত মাজুলীত অনুষ্ঠিত হ’ব লগা ‘জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ,অসম’ৰ প্ৰতিষ্ঠা দিৱসত বিশ্বনাথ জিলা সমিতিয়েও অংশগ্ৰহণ কৰাৰ সিদ্ধান্তও আজিৰ সভাই গ্ৰহণ কৰে ।

Hot this week

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Topics

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Samsung India Begins Pre Orders for Galaxy Z Fold7, Galaxy Z Flip7 – The Most Advanced Galaxy Z series yet

New Delhi, July 14, 2025: Samsung, India’s largest consumer electronics...

Related Articles

Popular Categories

Assam
broken clouds
27 ° C
27 °
27 °
86 %
1.7kmh
61 %
Wed
33 °
Thu
34 °
Fri
33 °
Sat
34 °
Sun
28 °