নৱবৰ্ষৰ সংকল্প
কেতিয়াবা এনেকুৱা হৈছেনে চেল্ফি এখন উঠিবৰ কাৰণে কোনোবাই আপোনাক হাঁহিবলৈ জোৰ কৰিছে, আৰু বৰ কষ্টৰে আপুৱড়ল্দ হাঁহি এটি ফুটাই তুলিছে? নিশ্চয়কৈ হৈছে। দায়িত্ব, প্ৰতিশ্ৰুতি অথবা সপোনৰ হেঁচাত আপোনাৰ হাঁহিটি হেৰাই গৈছে। মনত পেলাব পাৰিবনে, শেষবাৰৰ বাবে কেতিয়া আপুনি প্ৰাণ খুলি হাঁহিছিল? উভতি চাওকচোন কোনদিনা দেশ-দুনীয়াক পাহৰি এটি মুকলি হাঁহিৰে এবুকু সুখ জাহিৰ কৰিছিল। কষ্ট হৈছে নহয়! আপুনি আচলতে হাঁহিটিয়েই নহয়, নিজকে হেৰুৱাই পেলাইছে ক্ৰমাৎ।
হঠাৎ এদিন পদপথত ৰৈ কোনো বেপৰোৱা যুৱকক হাঁহিত ফাটি পৰা দেখি আপোনাৰ মুখতো ঈষৎ হাঁহি এটি বিয়পি পৰিছে, বিভিন্নতাৰে ভৰুণ এক মোলান হাঁহি। আপুনি হেৰুৱাবলৈ ধৰা এক অমূল্য সম্পদৰ অৱশেষ সেয়া। আকৌ কিৰিলিয়াই থকা কণমানি শিশু এটি দেখি কেতিয়াবা মনত জাগিছেনে- “এতিয়াই হাঁহি ল সোণ। জাগতিকতাৰ ভূ লওঁতে এই উল্লাস কেতিয়া হেৰাই যাব, গমেই নাপাবি।” নিজলৈ পুতৌ জগা নাইনে? হ’ব, আৰু নেহেৰুৱাব নিজক। আজিৰপৰাই অলপ সময় নিজৰ বাবে ৰাখক, নিজৰ ভাল লগা-বেয়া লগাৰ খতিয়ান ল’বলৈ, নিজৰ সতে উন্মনা হৈ হাঁহিবলৈ, নিজক ভালে ৰাখিবলৈ, নিজৰখিনিক ভালে ৰাখিবলৈ… নতুন বছৰটোত এইটোকে সংকল্প লওঁকচোন, আনৰ লগতে নিজৰ প্ৰতিও সৎ হৈ থাকি এটি হাঁহি প্ৰতিদিনে নিজক বাবেও ইনভেষ্ট্ কৰিম। আকৌ কৈছোঁ, নিজৰ বাবে হাঁহক, কাৰণ,
“The world looks brighter from behind a smile”
(কৌশিক নন্দন বৰুৱাৰ “সৰাফুল”-এ কিছু কথা নতুনকৈ ভবাই তুলিছে।)
ড০ উত্তম বৰুৱা
অধ্যাপক শিৱসাগৰ মহাবিদ্যালয়
Leave a Reply