১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বুৰৈ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয় খন পকী দলং উদ্বোধন।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বুৰৈ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয় খন পকী দলং উদ্বোধন।

বিশ্বনাথ ৪ডিচেম্বৰ
সোমবাৰে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বুৰৈ নদী ওপৰত থকা দ্বিতীয় খন বুৰৈ নদীৰ পকী দলং খন শুভ উদ্বোধন কৰে NHDCL ,শোণিতপুৰ জিলা সঞ্চালকে। উল্লেখযোগ্য যে
বিগত ৫ টা বছৰে এই পথটোৰ দুৰৱস্থাই জ্বলা-কলা খুৱাই আহিছিল পথটোৱে অহা-যোৱা কৰা পথচাৰীক । গুৰুত্বপূৰ্ণ কথাটো হ’ল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বিশ্বনাথৰ পৰা গহপুৰলৈ ফ’ৰলেনযুক্ত পথছোৱা নিৰ্মাণৰ দায়িত্ব যোৱা ৫ বছৰৰ আগতেই আন এটা কোম্পানীয়ে লাভ কৰিছিল ৷ কিন্তু ২০২০ চনতে পথটোৰ নিৰ্মাণ কাৰ্যৰ সময়সীমা উকলি গ’ল । ২০১৫ চনতে পথছোৱা নিৰ্মাণ দায়িত্ব লাভ কৰা অৰুণাচলী পথ নিৰ্মাণকাৰী সংস্থা টি কে ইঞ্জিনীয়াৰিঙে পথটো সময়ত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলে ।

ইফালে শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ২০২১ চনত পুনৰ বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ নগৰলৈকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণ কৰিবলৈ অন্য এটা কোম্পানীক দায়িত্ব দিয়ে । প্ৰায় পাঁচ বছৰ পূৰ্বেই বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ প্ৰায় ৫৭.৫ কি:মি: পথৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল টি কে ইঞ্জিনীয়াৰিং নামৰ অৰুণাচলী কোম্পানীটোক ৷ পথটো নিৰ্মাণ বাবে ধন আৱন্টন দিয়া হৈছিল প্ৰায় ১৩০৭.০৫ কোটি টকা ৷ কিন্তু কোম্পানীটোৱে ৫ বছৰত অধিকাংশ টকা লুটপাত চলাই শেষত বিফল হ’ল পথছোৱা নিৰ্মাণত ৷টি কে ইঞ্জিনীয়াৰিং কনষ্ট্ৰাকচনৰ বিফলতাৰ পিচত বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈকে সমগ্ৰ ফ’ৰলেনযুক্ত পথছোৱা ২০২১ চনত নিৰ্মাণৰ দায়িত্ব লাভ কৰে হাৰিয়ানাৰ ডিচিচি (DCC) Dhatarwal construction company Pvt.Ltd নামৰ কোম্পানীটোৱে । তাৰ পাচৰে পৰাই ডিচিচি নামৰ কোম্পানীটোৱে ২০২১ চনৰ পৰা দ্ৰুত গতিত নিৰ্মাণ কাৰ্য চলাই যোৱা পৰিলক্ষিত হৈছে ৷ যাৰ ফলত বিশ্বনাথবাসীৰ লগতে পথচাৰীয়েও সন্তুষ্টি লাভ কৰিছে ৷ নিৰ্মাণ দায়িত্ব লাভ কৰা দিনৰ পৰাই পথ নিৰ্মাণ সংস্থাটো দিন ৰাতি এককাৰ কৰি তীব্ৰ গতিত কাম কৰি প্ৰায় সম্পূৰ্ণ কৰে পথটো নিৰ্মাণ কাৰ্য। ইফালে সোমবাৰে পথটোত থকা অন্যান্য বুৰৈ নদীৰ ওপৰত নিৰ্মিত বুৰৈ নদীৰ দ্বিতীয় খন দীঘল পকী দলং খন ৰাইজৰ বাবে মুকলি কৰে পথ নিৰ্মাণ সংস্থা ডিচিচি (DCC) Dhatarwal construction company Pvt.Ltd য়ে।
পুৱা ১১ বজাৰ পৰা পথ নিৰ্মাণ সংস্থা DCC সঞ্চালক সবৰী সিংহে ধৰ্মীয় ৰীতি নীতি হোম যজ্ঞ কৰি দলং খন ৰাইজৰ বাবে মুকলি কৰি দিয়ে।

আন হাতে এই দৰে পথ নিৰ্মাণ সংস্থাটোৱে সুন্দৰ ভাৱে তীব্ৰ গতিত পথটো নিৰ্মাণ কৰি ৰাইজৰ বাবে আগবঢ়াই দিয়াত সন্তুষ্টি লাভ কৰে ৰাইজে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*