বিশ্বনাথত কৃষি বিভাগৰ পদক্ষেপ : তিনিটাকৈ ধান ক্ৰয় কেন্দ্ৰ মুকলিৰে কৃষকলৈ সুখবৰ
কম মূল্যত কিনিব নোৱাৰিব ধান : মধ্যভোগী চক্ৰৰ বিৰুদ্ধে সষ্টম জিলা প্ৰশাসন
বিশ্বনাথ চাৰিআলি ১ ডিচেম্বৰ
বিশ্বনাথ জিলাৰ কৃষকৰ সুবিধা তথা লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৃষি বিভাগৰ অধীনত আজি বিশ্বনাথ জিলাৰ গড়েহাগী গাওঁত উদ্বোধন কৰা হয় এটা ধান ক্ৰয় কেন্দ্ৰ ৷ অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত গড়েহাগীত আজি ধান ক্ৰয় কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে ৷ এই শুভাৰম্ভ অনুষ্ঠানটিত উপস্থিত থাকে জিলা কৃষি বিষয়া বাণেশ্বৰ বে আৰু বিশ্বনাথ মহকুমা কৃষি বিষয়া প্ৰদীপ তালুকদাৰ ।
এই সভাৰ সমান্তৰালভাৱে আজি চতিয়া কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত পতীয়া গাওঁত আৰু গহপুৰ কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত মাগনি গাওঁত অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত সংশ্লিষ্ট বিষয়া কৰ্মচাৰীৰ উপস্থিতিত আন দুটাকৈ ধান ক্ৰয় কেন্দ্ৰৰো শুভাৰম্ভ কৰা হয়।
Leave a Reply Cancel reply