তেজপুৰত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন। বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন

তেজপুৰ, ১ অক্টোবৰ:

আজি বিশ্ব জেষ্ঠ নাগৰিক দিৱস । ১৯৯১ চনৰ পৰাই প্ৰতি বছৰৰ ১ অক্টোবৰৰ দিনটোত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হিচাবে উদযাপিত হৈ আহিছে । তাৰেই অংশ হিচাপে দেওবাৰে শোণিতপুৰ জিলা প্ৰশাসন সামাজিক ন্যায় আৰু সবলীকৰণৰ উদ্যোগত আৰু মাজ গাওঁ জ্যেষ্ঠ নাগৰিক মঞ্চ সহযোগত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসটো দিন জোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ।

 

তেজপুৰ মাজগাওঁ জ্যেষ্ঠ নাগৰিক মঞ্চৰ কাৰ্যালয়ত আয়োজন কৰা এই অনুষ্ঠানটো তেজপুৰৰ ৮০ উৰ্ধৰ কেইবাজনো জ্যেষ্ঠ নাগৰিক জিলা প্ৰশাসন ও নিৰ্বাচনী বিষয়াৰ তৰফৰ পৰা গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
ইফালে সভাত উপস্থিত থকা প্ৰতি গৰাকীৰ জ্যেষ্ঠ নাগৰিকক সামাজিক ন্যায় সবলীকৰণ তৰফৰ পৰাও সম্বৰ্ধনা জনাই সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী সকলে । আনহাতে এই অনুষ্ঠানতে জ্যেষ্ঠ নাগৰিক সকলৰ মাজত আনন্দ উল্লাস আৰু স্বাস্থ্যৰ উন্নতিৰ বাবে নাগৰিক সকলক সন্মান জনাই তেজপুৰ নিৰ্বাচনী বিষয়াৰ তৰফৰ পৰা আগবঢ়োৱা এটা কেক শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিত জ্যেষ্ঠ নাগৰিক দ্বাৰা কটা হয়। ইফালে জ্যেষ্ঠ নাগৰিক সকলৰ সু-স্বাস্থ্য কামনাৰে জিলা প্ৰশাসনৰ দ্বাৰা আয়োজন কৰা হয় এক স্বাস্থ্য পৰীক্ষা শিবিৰ ও। এই স্বাস্থ্য শিৱিৰত তেজপুৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য বিষয়া ডাঃ অন্তৰা কুণ্ডু, স্বাস্থ্য কৰ্মী জ্যোতিময় দত্তকে ধৰি কেন্দ্ৰটোৰ স্বাস্থ্য কৰ্মী আশা কৰ্মী সকলৰ সহযোগ জ্যেষ্ঠ নাগৰিক সকলক স্বাস্থ্য পৰীক্ষা লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়।
এই স্বাস্থ্য পৰীক্ষা শিৱিৰত স্বাস্থ্য পৰীক্ষা কৰা জ্যেষ্ঠ নাগৰিক সকলৰ স্বাস্থ্য বুজ লবলৈ উপস্থিত হয় জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ লগতে জিলা নগৰীয়া স্বাস্থ্য কেন্দ্ৰ সমন্বয়ক ৰাজ শইকয়াকে ধৰি জিলা প্ৰশাসনৰ কেইবাজনো বিষয়াই জ্যেষ্ঠ নাগৰিক সকলৰ স্বাস্থ্য বুজ লয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*