◆ চৈয়দ মোস্তাফা আহমেদ, ৰঙিয়াঃ ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনাও ৰঙিয়াস্থিত মহকুমাধিপতিৰ কাৰ্যালয়ত প্ৰায় ৬ জনকৈ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ভিৰ কৰা দেখা যায়।
ইয়াৰ মাজত ৰঙিয়া সমষ্টি ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মন, অসম জাতীয় পৰিষদ দলৰ ডঃ বাবুল চহৰীয়া, অসম সংগ্ৰামী মঞ্চৰ দেৱব্ৰত কলিতা, নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ কলিতা অন্যতম।
আনহাতে বহু প্ৰতিক্ষাৰ অন্তত কমলপুৰ সমষ্টিত কংগ্ৰেছ দলৰ পৰা টিকট লাভ কৰা কিশোৰ ভট্টচাৰ্যও অগণন সমৰ্থক সহ উপস্থিত হয় ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয়ত।
কমলপুৰ সমষ্টিৰ ৰাইজৰ দলৰহৈ জিতুল ডেকাই মনোনয়ন দাখিল কৰে।ৰাইজৰ দলৰ নেতা হৰেশ্বৰ বৰ্মনে সাম্প্ৰদায়িক বিজেপি চৰকাৰখনক ওফৰাই পেলোৱাৰ বাবে ৰাইজ অংগীকাৰবদ্ধ বুলি কোৱাৰ বিপৰীতে সাংবাদিকৰে সৈতে মুখামুখি হৈ কিশোৰ ভট্টচাৰ্যই কোনো দল অথবা প্ৰাৰ্থীকে সমালোচনা নকৰি এই সময় সমালোচনাৰ নহয় বুলি কৈ কমলপুৰৰ উন্নতিয়েই তেখেতৰ মুলমন্ত্ৰ হʼব বুলি জনাই।
ইয়াৰোপৰী ৰঙিয়াৰ উন্নতিৰ হকে অহৰহ মাতমাতি অহা বিশিষ্ট সমাজকৰ্মী, নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ কলিতাই ৰঙিয়াৰ নিবনুৱা সংস্থাপনকে ধৰি তীৰ-জুৱাৰ অবাধ প্ৰচলন ৰোধ কৰাই তেখেতৰ মুখ্য ইছ্যু হ’ব বুলি জানিবলৈ দিয়ে।
Leave a Reply