31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    জাতীয় আদৰ্শ শিক্ষা সংসদৰ উদ্যোগত কবিতাৰ দিন উদযাপন

    ♦ মননশীল লেখক তথা দক্ষ অভিযন্তা প্ৰশান্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক ওপজা দিনটোত জাতীয় আদৰ্শ শিক্ষা সংসদ আৰু প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ যৌথ উদ্যোগত আজি অসম সাহিত্য সভাৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ‘কবিতাৰ দিন‌’, শীৰ্ষক এক মননশীল অনুষ্ঠানৰ।

    উল্লেখযোগ্য যোগ্য যে খনন অভিযান্ত্ৰিক বিজ্ঞান বিভাগৰ দক্ষ অভিযন্তা প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাক সোৱঁৰি ২০২১ চনৰ পৰা ১৩ ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটোত জাতীয় আদৰ্শ শিক্ষা সংসদ আৰু পৰিয়ালৰ লোকৰ উদ্যোগত পালন‌ কৰি অহা হৈছে কবিতাৰ দিন শীৰ্ষক এই বিশেষ অনুষ্ঠানটি।

    আজি অসম সাহিত্য সভাৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত আয়োজিত কাৰ্যসূচীৰ শুভাৰম্ভ হয় প্ৰয়াত শৰ্মাৰ তথা আদৰ্শ মাতৃ মৃণালিনী দেৱীৰ বন্তি প্ৰজ্বলনৰে৷ পিনে জাতীয় আদৰ্শ শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠৰ আদৰণি ভাষণ আৰু উদ্দেশ্যে বাখ্যাৰে আৰম্ভ হোৱা গাভীৰ্যপূৰ্ণ সভা খন উদ্বোধন কৰে অসম সাহিত্য সভাৰ‌ সভাপতি পদ্মশ্ৰী ড° সূৰ্যকান্ত হাজৰিকাই। নিজৰ উদ্বোধনী ভাষণত‌ ড° হাজৰিকাই প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাৰ সাহিত্য চৰ্চা, অভিযান্ত্ৰিক দক্ষতা, সামাজিক বিচক্ষণতাৰ ওপৰত নীতিদীৰ্ঘ ভাষণ আগবঢ়াই সকলোকে মোহাচন্ন‌ কৰি তোলে। ইপিনে প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰশান্ত বিশ্ব শৰ্মা স্মাৰক বক্তৃতা প্ৰদান কৰি সকলোকে অভিভূত কৰি তোলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ তীৰ্থাংকৰ দাস কলিতাই।

    আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত, অৰ্পণা দত্ত চৌধুৰী, জ্যোতিষ কুমাৰ শৰ্মা ধৰি কেইবাগৰাকীও আগশাৰীৰ কবিয়ে অনুষ্ঠানত প্ৰশান্ত বিশ্ব শৰ্মাৰ একোটিকৈ কবিতা পাঠ কৰি তেওঁৰ‌ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে ড০ দেৱাশিষ শইকীয়া, পৰাগ দেৱ চৌধুৰীয়ে কবিতা আবৃত্তি কৰি উপস্থিত গুনমুগ্ধক প্ৰশান্ত বিশ্ব শৰ্মাৰ কবিতাৰ গভীৰতাৰ উমান দিয়ে৷ একেদৰে ড০ অনামিকা ডেকা জয়শ্ৰী নেওগেও তেওঁৰ কবিতা আবৃত্তি কৰাৰ লগতে পৰাগ দেৱ চৌধুৰীয়ে প্ৰশান্ত বিশ্ব শৰ্মাৰ ওপৰত স্বৰচিত কবিতা পাঠ কৰে।

    অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননী গোপাল মহন্ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত উপস্থিত থাকি প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে পৰিয়ালৰ লোকক হৈ মন্তব্য আগবঢ়ায় লগতে অনুষ্ঠানত উপস্থিত থকা বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক ড০ ৰঞ্জিত শৰ্মা আৰু সাহিত্য সংগঠক যুগল কিশোৰ পাণ্ডেও প্ৰশান্ত বিশ্ব শৰ্মাৰ কৰ্মৰাজীৰ ওপৰত বক্তব্য ৰাখে।

    আনহাতে আজিৰ বিশেষ দিনটোত পৰিয়াল‌হৈ উপস্থিত থাকি মননশীল কবিজনৰ প্ৰতি শ্ৰদ্ধা জনাই ৰিণিকি ভূঞা শৰ্মা, দিগন্ত বিশ্ব শৰ্মা, দীপামনি গোস্বামী শৰ্মা প্ৰশান্ত বিশ্ব শৰ্মাৰ পত্নী বিজয়া শৰ্মাই। উল্লেখযোগ্য সৰজু মহন্ত ডেকাৰ বৰগীতৰে ৰূপায়ন হোৱা অনুষ্ঠানত জাতীয় আদৰ্শ শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠৰ শলাগৰ শৰাই আৰু অসম সংগীতেৰে সভাৰ সামৰণি পৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds