- অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিক বিদায় সম্বৰ্ধনা
নেহা যাদব বিশ্বনাথৰ নতুন ভাৰপ্ৰাপ্ত মহকুমাধিপতি
বিশ্বনাথ চাৰিআলি, ১ আগষ্ট:
ভাৰতীয় প্ৰশাসনীয় সেৱাৰ ২০১৯ বৰ্ষৰ বিষয়া, অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানীক আজি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। যোৱা ৪ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰূপে দায়িত্বভাৰ গ্ৰহণ কৰা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া গৰাকী শেহতীয়াকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত হিচাপে বদলি হোৱাৰ পৰিপ্ৰেক্ষিতত অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানীক আজি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয় । বিশ্বনাথৰ মহকুমাধিপতিৰ সন্মিলন কক্ষত আজি বিয়লি অতিৰিক্ত উপায়ুক্ত(ৰাজহ) মানস কুমাৰ শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাখনিত উপস্থিত সকলো বিষয়া কৰ্মচাৰীয়ে বিগত প্ৰায় পাঁচ মহীয়া নাতিদীৰ্ঘ সময়ছোৱাত লাভ কৰা মহকুমাধিপতি গৰাকীৰ সান্নিধ্য আৰু কৰ্মৰ অনুপ্ৰেৰণাৰ বিষয়ে উল্লেখ কৰে। বিদায়ী অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিগৰাকীয়ে গুপ্তকাশীৰূপে খ্যাত বিশ্বনাথৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁক সকলো শ্ৰেণীৰ ৰাইজ আৰু বিষয়া কৰ্মচাৰীসকলে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। জ্যেষ্ঠ সহায়ক আব্দুল চায়েদে আঁত ধৰা অনুষ্ঠানটিত মহকুমা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত গৰাকীক ফুলাম গামোচা, শৰাই আদিৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইতিমধ্যে বদলি হোৱা বিশ্বনাথৰ নিৰ্বাচনী বিষয়া দেবাশীষ গোস্বামী আৰু সহকাৰী আয়ুক্ত কংকনা শইকীয়াকো আজিৰ অনুষ্ঠানটিতে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানটিত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্তদ্বয় মানস কুমাৰ শইকীয়া, ধ্ৰুৱজ্যোতি দাস, সহকাৰী আয়ুক্তত্ৰয় সৃষ্টি কলিতা, বিচিত্ৰা দাস, পুষ্পাংকৰ পাতিৰ, কোষাগাৰ প্ৰাধিকাৰী মূৰ্চনা দত্ত, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হিতেশ্বৰ দাসৰ লগতে বিশ্বনাথ প্ৰশাসনৰ সকলো বিষয়া কৰ্মচাৰী উপস্থিত আছিল ।উল্লেখযোগ্য যে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ আন এগৰাকী বিষয়া, অতিৰিক্ত উপায়ুক্ত নেহা যাদবে বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিব।
Leave a Reply