বিহালী বেদেতীত অসম সাহিত্য সভাৰ নাট্য সন্মিলনৰ বক্তৃতানুষ্ঠান আৰু নাটক উন্মোচন
বিহালী ১৭ জুলাই
অসম সাহিত্য সভাৰ নাট্য সন্মিলন উপ-সমিতিৰ উদ্যোগত, বিশ্বনাথ জিলা সাহিত্য সভাৰ সহযোগত পূব বিহালী শাখা সাহিত্য সভাৰ আতিথ্যত সোমবাৰে বেদেতীৰ পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত ‘সাম্প্ৰতিক অসমীয়া নাটকৰ গতিধাৰা’ শীৰ্ষক বক্তৃতানুষ্ঠান এটি অনুষ্ঠিত হৈ যায় ।
পুৱা পতাকা উত্তোলন কৰে পূব বিহালী শাখা সহিত্য সভাৰ উপসভাপতি ৰজনী সিংহই আৰু বন্তি প্ৰজ্বলন কৰে পূব বিহালী উচ্চতৰ মাধমিক বিদ্যালয়ৰ অধ্যক্ষ ৰমেন ফুকনে ।
অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি নাট্যকাৰ গণেশ সিংহৰ ‘অঝাৰ বঝা’ নামৰ গ্ৰন্থ এখনো উন্মোচন কৰা হয় ।
অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি নৰেণ শইকীয়াই সভাপতিত্ব কৰা আজিৰ অনুষ্ঠানৰ আঁত ধৰে অসম নাট্য সন্মিলন উপ সমিতিৰ আহ্বায়ক দিলীপ শৰ্মাই ।
আৰম্ভণিতে অসম সাহিত্য সভাৰ শীৰ্ষক গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ পৰিৱেশন কৰে পূব বিহালী শাখা সাহিত্য সভাৰ সদস্যা আৰু নাচবৰৰ মহিলা সমাজে ।
বক্তৃতানুষ্ঠানৰ মূল বিষয়ৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়ায় মুখ্য বক্তা, নাট্যকাৰ পঙ্কজজ্যোতি ভূঞাই । নাট্যকাৰ বিপ্লৱ বৰাইও অসমীয়া নাটকৰ গতিধাৰা সম্পৰ্কত বক্তব্য আগবঢ়ায় ।
অৱসৰপ্ৰাপ্ত শিক্ষক তথা নাট্যকাৰ গণেশ সিংহৰ ৫ খন একাঙ্কিকা নাটকৰ গ্ৰন্থ ‘অঝাৰ বঝা’ উন্মোচন কৰে শিশু সাহিত্যিক, নাট্যকাৰ দিলীপ কুমাৰ বৰুৱাই ।
গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত দিলীপ কুমাৰ বৰুৱাই ‘বিহালীত নাটকৰ উপৰিও কাব্যসাহিত্য, গদ্য সাহিত্য চৰ্চ্চা কৰা লোকৰ ভিতৰত চাহ জনগোষ্ঠীয় লোকৰো সংখ্যা যথেষ্ট । বিশেষকৈ অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি-প্ৰয়াত গুৰুচৰণ কুৰ্মী, আলোচনা কুৰ্মী, থানেশ্বৰী কুৰ্মী গঞ্জু, নাট্যকাৰ গণেশ সিংহ, মহেন্দ্ৰ তাঁতীকে ধৰি কে’বাজনৰো সাহিত্য কৃতীৰ কথা উল্লেখ কৰে ।
মুখ্য বক্তা পঙ্কজজ্যোতি ভূঞাই ‘সাম্প্ৰতিক অসমীয়া নাটকে এহাতে বহুখিনি উন্নতি কৰিলেও আনহাতে নাটকৰ বহু বৈশিষ্ট্য হেৰুৱাইছে, যিটো সুখকৰ নহয়’ বুলিও উল্লেখ কৰে । অনুষ্ঠানত অংশ গ্ৰহণ কৰি অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক অপূৰ্ব ফুকনেও বক্তব্য ৰাখে । অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বিপুল কুমাৰ নাথ, কাৰ্বি আংলঙৰ ৰবিন বৰুৱা,দিলীপ তামুলী, বিনোদ আত্ৰেয়, কলাশ্ৰী বিনোদ খনাল আদিয়েও অনুষ্ঠানত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় ।
অনুষ্ঠানৰ শেষত হৃদয়ঙ্গম নাট্যগোষ্ঠীয়ে নাট্যকাৰ ভূধৰ বৰাৰ ‘বনৰজাৰ মেল’ শিশুশিল্পী সকলৰ সহযোগত পৰিৱেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰে । কে’বাগৰাকীও শিল্পীয়ে বিভিন্ন নৃত্য পৰিৱেশন কৰে ।
Leave a Reply