● গুৱাহাটী: যোৱা২৭ মে ইং তাৰিখে প্ৰান্তশ্ৰী শত দল শাখা সাহিত্য সভাৰ সম্পাদক দীপিকা দেৱী কলিতাৰ আহ্বান মৰ্মে পূৱ গুৱাহাটী উচ্চ আদৰ্শ বিদ্যালয়ত, গ্ৰন্থ উন্মোচন আৰু এলানি কবিতা পাঠৰ এখনি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ আৰম্ভণিতে এটি বৰগীত পৰিবেশন কৰে বন্দনা কলিতাই। সভাখনি উদ্বোধন কৰে চান্দমাৰী শাখাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক পেঞ্চনাৰ ধনীৰাম তালুকদাৰ দেৱে। উক্ত সভাত শাখাৰ স্থায়ী সভাপতি মীনা শৰ্মাৰ সভাপতিত্বত সভাৰ মুখ্য অতিথি হিচাপে আসন গ্ৰহণ কৰি ,কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেৱীয়ে শাখাৰ মুখপত্ৰ “প্রান্তশ্ৰী” উন্মোচন কৰাৰ লগতে সাৰুৱা ভাষনেৰে আপ্যায়ন কৰে।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাৰুৱা ভাষণ প্ৰদান কৰে হৰেশ্বৰ ডেকা, উপ সভাপতি, আৰু সম্পাদক দীপাংকৰ ৰায় মেধিয়ে, কামৰূপ মহানগৰ জিলা সাহিত্য সভা।
উক্ত অনুষ্ঠানত কবিতা পাঠেৰে অনুস্থানটো জীপাল কৰি তোলে সৰ্বশ্ৰী, মদন মেধি, বিশিষ্ট কবি কিশোৰ কুমাৰ জৈন, ডঃ দীনেশ ডেকা, ডঃ ৰূপা ডেকা পাটৰ, হিৰণ্যময়ী বৰুৱা, মনোজ দাস, অন্নপ্ৰভা কাকতি, অৰুণা তালুকদাৰ, ধনীৰাম তালুকদাৰ, মীৰা দেৱী, বন্দনা কলিতা, বৰ্ণালী বৰা বৈশ্য, দীপিকা খাউণ্ড, ৰুবী ভট্টাচাৰ্য্য, নিতু গোস্বামী, কবিতা তালুকদাৰ, কিৰণ দাস, বৰ্ণালী নেওগ, চন্দ্ৰা দেৱী দত্ত, দীপিকা দেৱী কলিতাই। এটি সুন্দৰ সুৰীয়া আধুনিক গীত পৰিবেশন কৰে হিতেন শৰ্মাই, জ্যোতি সংগীত পৰিবেশন কৰে নিৰ্মিতা বৰগোহাঁই আৰু লক্ষ্মীনাথ বেজবৰুৱা সংগীত পৰিবেশন কৰে ৰঞ্জুশ্রী বৰ্মনে।
Leave a Reply