31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথত অসম ৰাজ্যিক গ্ৰামীন জ্যৱীকা অভিযানৰ মিছন সঞ্চালিকা কৃষনা বৰুৱা

    অসম ৰাজ্যিক গ্ৰামীন জিৱীকা অভিযানৰ , সাকোমাঠা উন্নয়ন খণ্ডত আজি অসমী ব্ৰাউন কনীৰ এক প্ৰকল্প উদ্বোধন কৰে অসম ৰাজ্যিক গ্ৰামীন জ্যৱীকা অভিযানৰ মিছন সঞ্চালিকা কৃষনা বৰুৱাই। লগতে উপস্থিত থাকে Chief operating officer, ASRLM ডা হিমাড্ৰী কোছ , State Project Manager,ASRLM ধ্ৰুব গগৈ , District Project Manager হাবিব আহমেদ, Block Project Manager পংকজ গগৈ।

    মিছন সঞ্চালিকা ডাঙৰীয়ানিয়ে উদ্বোধন কৰি দিয়া ভাষণত উল্লেখ কৰে যে সাকোমাঠা উন্নয়ন খণ্ডৰ অধীনস্থ মহিলা আত্ম সহায়ক গোটৰ সদস্য সকলে আৰম্ভ কৰা BV 380 প্ৰজাতিৰ ব্ৰাউন কনী উৎপাদন পকল্পটোৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিত সবল ভূমিকা পদান কৰিব।

    লগতে তেও সকলো গোট মহিলাকে বাৰ্ষিক আয় ১লাখ টকালৈকে আগবঢ়াই নিবলৈ আহবান জনায়। এই কনীৰ প্ৰকল্পটোৰ বিষয়ে খণ্ড পকল্প বিষয়া পংকজ গগৈয়ে জানিবলৈ দিয়ে যে পকল্পটোৰ জৰিয়তে বৰ্তমান দৈনিক প্ৰায় ১০০০ ব্ৰাউন কনী উৎপাদন হৈ আছে আৰু আগন্তক দিনত ৫০০০ কনী উৎপাদনৰ লক্ষ্য কৰা হৈছে।

    সম্পূৰ্ণ ঘৰুৱা ভাৱে উৎপাদিত এই সতেজ কনী বিশ্বনাথ নগৰৰ দৈনিক বজাৰৰ লগতে বিভিন্ন দোকানত উপলব্ধ হ’ব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds