বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী কয়লাজুলিত সেউজ বিপ্লৱ

বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী কয়লাজুলিত সেউজ বিপ্লৱ

মিলেট খেতিৰে আত্ম নিৰ্ভৰশীল হোৱাৰ প্ৰয়াস

 

বিশ্বনাথ চাৰিআলি,৭এপ্ৰিল–বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল কয়লাজুলিত আৰম্ভ হৈছে অৰ্থনৈতিক বিপ্লৱ।একালৰ এই ভিতৰুৱা দুৰ্গম অঞ্চলটোৰ ৰাস্তা পথ এতিয়া বহু খিনি উন্নত। কয়লা জুলি বজাৰত বজাৰ কৰিবলৈ বিশ্বনাথ চাৰিআলিৰ পৰাও বহু মানুহ আহে। কয়লা জুলিত এতিয়া চলিছে সেউজ বিপ্লৱৰ আখৰা। নেমু, তামোল ধানৰ পিছত এইবাৰ মিলেট খেতিৰ কাম আৰম্ভ হৈছে এই অঞ্চল। এই কাৰ্য সম্পন্ন হৈছে নাবাৰ্ডৰ অৰ্থ সাহায্যত।মিলেট খেতিত সহযোগ কৰিছে কেডেট নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে। কয়লা জুলিৰ উৰ্বৰ মাটিত আজি মিলেটৰ গুটি সিঁচা কাম আৰম্ভ হৈছে। এই গুটি ৰোৱা কামৰ শুভাৰম্ভ কৰে নাবাৰ্ডৰ শোণিতপুৰ জিলা প্ৰবন্ধক প্ৰীতম কুমাৰ নাথ আৰু বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ উপদেষ্টা নিৰঞ্জন হাজৰিকাই।অনুষ্ঠানৰ শুভাৰম্ভ কৰি জিলা সমন্বয়ক গৰাকীয়ে কেন্দ্ৰ চৰকাৰে সমগ্ৰ দেশতে মিলেট বৰ্ষ হিচাবে উদযাপন কৰাৰ সময়তে বিশ্বনাথৰ এই ভিতৰুৱা অঞ্চলত মিলেট খেতি আৰম্ভ কৰাটো শুভ লক্ষণ বুলি অভিহিত কৰে। তেওঁ বিশ্বনাথৰ কয়লা জুলিত মিলেট খেতিৰ বাবে প্ৰথমে ৭৫ বিঘা মাটি উলিওৱা হৈছিল যদিও ৰাইজৰ উৎসাহৰ বাবে বৰ্তমান ৯০ বিঘা টেক্টৰে চহোৱা হৈছে। তেওঁ পুষ্টিকৰ খাদ্য মিলেটৰ বাবে এইয়া উপযুক্ত মাটি বুলি অভিহিত কৰে আৰু ৰাইজক এনে খেতিৰ বাবে ভৱিষ্যতে অধিক উৎসাহিত কৰা হব বুলি মন্তব্য কৰে।নাবাৰ্ডৰ অৰ্থ সাহায্যত তথা স্বেচ্ছাসেৱী অনুষ্ঠান ‘কেডেট’ ৰ সহযোগত বিশ্বনাথৰ কয়লাজুলি অঞ্চলৰ বিজয়পুৰত মডেল মিলেট আঁচনিৰ আজি কঠিয়া সিচা কাৰ্য্যৰ শুভ আৰম্ভণি অনুষ্ঠানত নাবাৰ্ডৰ শোণিতপুৰৰ জিলা প্ৰবন্ধক প্ৰীতম কুমাৰ নাথ, বিশিষ্ট সমাজ সেৱক নিৰঞ্জন হাজৰিকাৰ উপৰি, ‘কেডেট’ ৰ সভাপতি সম্পাদক ক্ৰমে ধীৰেন ডেকা, মনোৰঞ্জন হাজৰিকা, পৱন হাজৰিকা, চুলেন বসুমতাৰী, তৰুণ বসুমতাৰী, গণে বসুমতাৰী, খগেন বসুমতাৰী, মহেন স্বৰ্গীয়াৰী, আদিয়ে অংশ গ্ৰহণ কৰে । প্ৰথম বৰ্ষত যদিও ৭৫ বিঘা মাটিত মিলেত খেতি কৰা কথা আছিল, কৃষক সকলে প্ৰায় ৯০ বিঘা মাটি মিলেত খেতি কৰিবৰ বাবে সাজু কৰিছে।
লগতে নাবাৰ্ডৰ অৰ্থ সাহায্যত উক্ত অঞ্চলত Integrated Tribal Development Programme আঁচনিৰ অধীনত ২০০ গৰাকী কৃষকক ৩০০ জোপা তামোল, ১৮০ জোপা নেমু আৰু ৩৪ জোপাকৈ নাৰিকল পুলি প্ৰদান কৰি কৃষক সকলক আৰ্থিক ভাৱে উন্নতি কৰাত সহায় কৰিছে। নাবাৰ্ডৰ অৰ্থ সাহায্যতে উক্ত অঞ্চলত এখন গ্রাম্য বজাৰ( Rural Haat) লাভ কৰিছে তাৰো কাম আৰম্ভ কৰা হৈছে।photo ase

Be the first to comment

Leave a Reply

Your email address will not be published.


*