বিহালীৰ কৃতী শিক্ষয়িত্ৰী, সমাজসেৱী প্ৰভালতা ভুঞাৰ স্মৃতিচাৰণ সভা / স্মৃতি গ্ৰন্থ ও ইউটিউব্ গীত উন্মোচন।

বিহালীৰ কৃতী শিক্ষয়িত্ৰী, সমাজসেৱী প্ৰভালতা ভুঞাৰ স্মৃতিচাৰণ সভা / স্মৃতি গ্ৰন্থ ও ইউটিউব্ গীত উন্মোচন।

বেদেতী, ২৬ জানুৱাৰী= বিহালীৰ গাংমৌথান অঞ্চলৰ এগৰাকী কৃতী শিক্ষয়িত্ৰী সমাজসেৱী, শিল্পী প্ৰভালতা ভুঞাৰ সোঁৱৰণত তেখেতৰ কৰ্মভূমি ‘গাংমৌথান চৰকাৰী বালিকা মজলীয়া বিদ্যালয়’ত আজি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

বিদ্যালয় আৰু পৰিয়ালবৰ্গৰ উদ্যোগত অনুষ্ঠিত সভাত ‘প্ৰজ্ঞান্বেষী প্ৰভা’ নামাকৰণৰে এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। লগতে তেখেতৰ জীয়ৰী চন্দনা ৰায় ভুঞাই ৰচিত গুপ্ত বৰঠাকুৰৰ সুৰ আৰু সম্ৰাজ্ঞী কাশ্যপে কণ্ঠদান কৰা ‘আই’ শীৰ্ষক গীতটি উন্মোচন কৰা হয়। সভাত সভাপতিত্ব কৰে বিশ্বনাথ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক থানুৰাম শৰ্মাই, বন্তি প্ৰজ্বলন কৰে তেখেতৰ একালৰ সহকৰ্মী, সাহিত্যিক লিলি পুজাৰী বৰঠাকুৰে,পুস্পাঞ্জলি অনুষ্ঠান মুকলি কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চুচেন শইকীয়াই।প্ৰয়াত প্ৰভালতা ভূঞাৰ জীয়ৰী তথা বৰগাঙৰ ‘অসমীয়া প্ৰতিদিন’ কাকতৰ বৰগাঙৰ সাংবাদিক তথা প্ৰভালতা ভূঞাৰ কন্যা প্ৰনিতা ৰায় ভূঞাই সম্পাদনা কৰা স্মৃতি গ্ৰন্থ ‘প্ৰজ্ঞান্বেষী প্ৰভা’ খনি সভাত আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক উমা পোখ্ৰেলে আৰু গীত উন্মোচন কৰে কবি সাহিত্যিক ধ্ৰুৱজ্যোতি ৰাজখোৱাই। সভাত প্ৰভালতা ভুঞাৰ স্মৃতিচাৰণ কৰি বক্তব্য দাঙি কৰে নিৰ্দিষ্ট বক্তা তথা বিশ্বনাথ চাৰিআলিৰ অৱসৰপ্ৰাপ্ত মহকুমা স্বাস্থ্য বিষয়া ডা: নাৰায়ণ উপাধ্যায়ে। লগতে লিলি পুজাৰী বৰঠাকুৰ আৰু শিক্ষক বিশ্বজিৎ ৰয়ে সভাত বক্তব্য আগবঢ়ায় । সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সমবেত সংগীত আৰু সভাৰ মাজত জ্যোতি নৃত্য আৰু ৰাভা নৃত্য পৰিবেশন কৰে। বিদ্যালয়খনৰ সহকাৰী শিক্ষক হিমাংশু গগৈয়ে এটি কবিতা আবৃত্তি কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
গাংমৌথান চৰকাৰী বালিকা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক বসন্ত তিমচিনাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত পুব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মহিম পোখ্ৰেলে, বিহালী প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক দিগন্ত কুমাৰ দাস ডা:দীপক কুমাৰ বিশ্বাসী, খাদেম আলি, বৈশাকু ৰয়, ক্ষেমৰাজ ঘিমিৰে, নাচিৰ আহমেদ আদি গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল।

1 Comment

  1. সুন্দৰ বাক্য বিন্যাস আৰু সাৱলীল প্ৰকাশভঙ্গীৰে পৰিৱেশন কৰা বাতৰিটো ভাল লাগিল ।

Leave a Reply

Your email address will not be published.


*