মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত দু:সাহসিক নৌকা যাত্ৰা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ
বিশ্বনাথ ১৭ অক্টোবৰ:- ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী (NCC) ৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে ভাৰতীয় নৌ সেনাৰ এন চি চি কেডেট সকলে বিশ্বনাথঘাটৰ পৰা আৰম্ভ কৰিছে নৌকা যাত্ৰা ৷ ফ’ৰ ক’ৰৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল ডি এচ ৰানাই বিশ্বনাথঘাটত আজি ফ্লেগ অফ কৰে এই নৌকা যাত্ৰাৰ ৷ মহাবাহু ব্ৰহ্মপুত্ৰত নাও চলাই দহ দিনৰ মুৰত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেট সকল উপস্থিত হবগৈ গুৱাহাটীৰ পাণ্ডু ঘাটত ৷ আজিৰে পৰা আৰম্ভ হোৱা এই নৌকা যাত্ৰা ২৬ অক্টোবৰত অন্ত পৰিব আৰু ব্ৰহ্মপুত্ৰৰ ১১ টাকৈ নৈৰ ঘাটক এই নৌকা যাত্ৰাই স্পৰ্শ কৰিব ৷ ডিব্ৰুগড়ৰ পৰা অহা ৫০ জনকৈ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটে এই নৌকা যাত্ৰাত অংশ গ্ৰহন কৰিছে ৷ উল্লেখ্য যে ২০১৯ চনত “লাচিত ১” নামেৰে ভাৰতীয় নৌ সেনাই ব্ৰহ্মপুত্ৰ নদীত চলোৱা নৌকা যাত্ৰাই ইতিমধ্যে লিমকা বুক অফ ৰেৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ “লাচিত ২” নামেৰে আজি আৰম্ভ হোৱা এই নৌকা যাত্ৰাৰ জৰিয়তে কেডেট সকলে দহ দিন ধৰি ব্ৰহ্মপুত্ৰত নৌকা চালনা কৰিব ৷ এই যাত্ৰাৰ বাবে তিনিখনকৈ নৌকা সজাই পৰাই তোলা হৈছে । আজি আৰম্ভ হোৱা এই নৌকা যাত্ৰাত অংশগ্ৰহন কৰা কেডেট সকলে শিলঘাটত নিশাটো কটাই কাইলৈ পুনৰ যাত্ৰা আৰম্ভ কৰিব ৷ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, সেনাৰ উচ্ছ পদস্থ বিষয়া সকলৰ লগতে বিশ্বনাথ জিলাৰ উচ্ছ পদস্থ বিষয়া সকল ৷
Leave a Reply