বিশ্বনাথত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সংবাদ মেল Video

 

মাদ্ৰাছাত উচ্ছেদ অভিযান চলোৱাকলৈ বিস্ফোৰক মন্তব্য সংগঠনটোৰ

জেহাদীৰ আলম লৈ মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় সংখ্যালঘুৰ ওপৰত আক্ৰমণ চলাইছে

জেহাদী ইছলাম ধৰ্মৰ শত্ৰু,জেহাদী সকল কেতিয়াও ধৰ্ম পালন নকৰে

ডিজিটেল ডেস্ক অসম অসম বিশ্বনাথ চাৰিআলি ৩ ছেপ্টেম্বৰ:-

 

অসম সংখ্যা লঘুসংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে আজি এক সাংবাদমেল সম্বোধন কৰে। এই সাংবাদমেলত সভাপতি মৌলানা আহমেদ আলীয়ে কয় যে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই যদি জেহাদীৰ আলম লৈ ৰাজ্যৰ মাদ্ৰাছা উচ্ছেদ অভিযান চলাব পাৰে,তেনেহলে অসমৰ উগ্ৰপন্থী সংগঠনৰ কেডাৰ সকলে অধ্যয়ন কৰা কলেজ বিদ্যালয় সমূহতো ভাঙি পেলোৱা নাই কিয়? যদি এখন ঘৰত বেয়া মানুহ ওলাই,তেনেহলে গোটেই ঘৰখনে ভাঙি পেলাব নেকি?ৰাজ্যখনত এনেকৈ দেশ বিৰুধী কাম নকৰিবলৈ আহ্বান জনাই সংগঠনটোৱে।দেশখনত এনে কাম কৰি অশান্তিৰ সৃষ্টি নকৰিবলৈ আহ্বান জনাই সংগঠনটোৱে।জেহাদীৰ নামত এই মাদ্ৰাছা উচ্ছেদ চলাই আছে যদিও মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকৃত জেহাদী সন্দৰ্ভত কোনো তথ্য প্ৰমাণ দিয়া আমাৰ দৃষ্টি গোচৰ হোৱা নাই।জেহাদীৰ নামত কোনো তথ্য প্ৰমান প্ৰদৰ্শন নকৰি কেৱল মুখ্যমন্ত্ৰী অথবা ডিজিপিয়ে কেৱল মন্তব্যহে প্ৰদান কৰিছে যে এজন লোকে নিজকে জেহাদীৰ লগত সম্পৰ্ক থকা কথা স্বীকাৰ কৰিছে।সেই কথাত আমি কেনেকৈ বিশ্বাস কৰিম।এক শ্ৰেণীৰ লোকক সন্তুষ্ট কৰাৰ বাবদ,ভোট বেংকৰ স্বাৰ্থত সংখ্যালঘুৰ ওপৰত বুলডজাৰ চলাই আছে।জেহাদী যদি আছে আমি জেহাদীৰ পক্ষত নাই,যদি উপযুক্ত প্ৰমান আছে আমিও জেহাদীৰ ওপৰত জপিয়াই পৰিম।সংবিধানৰ গণ্ডিত থাকি কাম কৰিবলৈ আহবান জনায় জিলা সভাপতি গৰাকীয়ে।সংবিধানৰ পৰা আতৰি শক্তি প্ৰদৰ্শনৰে কেতিয়াও জয় হব নোৱাৰে আৰু কোনো সমস্যা সমাধান কৰিব নোৱাৰে।যদি অসমৰ পৰা আপুনি সাম্প্ৰদায়িক বীজ আৰু জেহাদীৰ বীজ আতৰাব বিচাৰে।তেনেহলে অসমৰ অভিজ্ঞ আলিম মৌলানাক লৈ এটা দল বনাওক আৰু আমাক সুবিধা দিয়ক অসমৰ পৰা জেহাদীক ৰাজ্য তথা দেশৰ পৰা আতৰ কৰিবলৈ।জেহাদী ইছলাম ধৰ্মৰ শত্ৰু,জেহাদী সকলে কেতিয়াও ধৰ্ম পালন নকৰে।

সংগবাদমাধ্যমতদেখিবলৈ পাইছো,ধুবুৰিৰ কোনো স্থানত মুকলিকৈ হাতত অস্ত্ৰ লৈ নিজকে বজৰং দল বুলি কৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।সেই সকল জেহাদী নহয় নেকী?দৰাচলতে ইচ্ছাকৃত ভাবে আমাৰ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত আক্ৰমণ চলাইছে,ইচ্ছাকৃত ভাবে মাদ্ৰাছাত বুলডজাৰ চলাইছে।যদি এইদৰেই ইচ্ছাকৃত ভাবে এনেদৰে ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণ চলাই থাকিলে দেশখনত সৃষ্টি হোৱা আশান্তিৰ বাবে জগৰীয়া হব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Be the first to comment

Leave a Reply

Your email address will not be published.


*