জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান বিশ্বনাথ জিলা কুড়মালি সাহিত্য সভাৰ
অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১৪ জুলাই:- কুড়মালি সাহিত্য সভা বিশ্বনাথ জিলা সমিতিয়ে অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ সৰ্বাধিক সংখ্যক লোকৰ মাজত প্ৰচলিত কুড়মালি ভাষাত উক্ত জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলত প্ৰাক-প্ৰাথমিক অংগনবাড়ী আৰু প্ৰাৰম্ভিক শিক্ষা পাঠদানৰ লগতে বিশ্ববিদ্যালয়ত কুড়মালি ভাষাত ডিপ্লোমা কৰ্চ, ঝুমইৰ ডিপ্লোমা কৰ্চ আৰম্ভ কৰিবৰ বাবে অলপতে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাইলৈ স্মাৰক পত্ৰ আগবঢ়োৱা হয়। স্মাৰক পত্ৰ প্ৰদান কৰাৰ আগ মুৰ্হুতত কুড়মালি সাহিত্য সভাৰ তৰফৰপৰা এখনি ফুলাম গামোচাৰে বিশ্বনাথ জিলাৰ উপায়ুক্তক সম্বৰ্ধনা জনোৱা হয়। স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ছোৱাত কুড়মালি সাহিত্য সভাৰ বিশ্বনাথ জিলা সমিতিৰ ক্ৰমে সভাপতি মনোহৰ কুড়মি উপ সভাপতি ৰণজিৎ কুড়মি সম্পাদক জীৱন কুড়মি, নৃপেন কুড়মি, আৰু দ্বিজেন কুড়মি উপস্থিত থাকে ।
Leave a Reply