“ৰূপহী ৰঙিয়া”ৰ উদ্যোগত প্ৰাণকেন্দ্ৰ চনমাগুৰীৰ সহযোগত বিনামূলীয়া চিকিৎসা শিৱিৰ
অসম খবৰ ৰঙীয়া ৮ জুলাই :
কামৰূপ জিলাৰ চনমাগুৰীৰ উচ্চতৰ মাধ্যমিক বাণী বিদ্যাপীঠ প্ৰাঙ্গণত“ৰূপহী ৰঙিয়া”ৰ উদ্যোগত প্ৰাণকেন্দ্ৰ চনমাগুৰীৰ সহযোগত
বিনামূলীয়া চিকিৎসা শিৱিৰৰ আয়োজন কৰা হয়৷উক্ত চিকিৎসা শিৱিৰত প্ৰায় দেৰ শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ পাতি যোগান ধৰা হয়৷উল্লেখযোগ্য যে বানৰ বিভিষিকাৰ পিছৰে পৰা ৰঙিয়া মহকুমাৰ একাংশ অঞ্চলত বিভিন্ন ৰোগে দেখা দিছে,যাৰবাবে এই চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। চিকিৎসা শিৱিৰত উপস্থিত থাকে “ৰূপহী ৰঙিয়া”ৰ সভাপতি অৰূপ দাস,সম্পাদক অৰূপ জ্যোতি নাথ,সীমান্ত নাথ, উৎপল নাথ,খাইৰুল হুছেইন,সংবাদদাতা বিপুল কলিতাৰ ওপৰিও প্ৰাণকেন্দ্ৰ চনমাগুৰীৰ তৰফৰ পৰা উপস্থিত থাকে প্ৰাণেশ্বৰ শালৈ, গজেন্দ্ৰ নাথ শালৈ,কুমুদ চন্দ্ৰ শালৈ,উদ্দীপ্ত শালৈ৷ উক্ত শিৱিৰত চিকিৎসা বিভাগৰ তৰফৰ পৰা উপস্থিত থাকে ৰঙিয়া সিদ্ধিনাথ শৰ্মা চিকিৎসালয়ৰ ডা° অৰ্চনা দাস,কনিহা উপস্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডা° আলিউল্লাহ হুছেইন,এম পি ডব্লিউ সনাতন বনিয়া, এ এন এম যোগমায়া দাস আৰু দিপালী দাস,এফ এ লীলাৰাণী দাস উপস্থিত থাকে।অনুষ্ঠানটো সফল কৰি তোলাত সহযোগিতা আগবঢ়োৱা চিকিৎসক, চিকিৎসা কৰ্মীৰ লগতে প্ৰাণকেন্দ্ৰ,চনমাগুৰীৰ সকলো কৰ্মকৰ্তালৈ সভাপতি অৰূপ দাসে “ৰূপহী ৰঙিয়া”ৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰে।
চৈয়দ মোস্তাফা আহমেদৰ
Leave a Reply