“একাগ্রতা থাকিলে, দৰিদ্ৰতা কোনো কাৰণতে হেঙাৰ হব নোৱাৰে”
অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৮ জুন
প্ৰকৃত মেধাৱী ছাত্র-ছাত্ৰী সকলৰ বাবে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে , সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তাকেই যেন প্ৰমাণ কৰি দেখুৱালে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰাজুলী গাওঁৰ দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা ৰূপৰাম বৰা আৰু চুমী বৰাৰ জ্যেষ্ঠ কণ্যা পল্লবী বৰাই । ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত (কলা) পৰীক্ষাত জ্ঞানম একাডেমী চিনিয়ৰ চেকেন্ডৰী স্কুল, বৰগাঙৰ পৰা প্ৰথম বিভাগত অসমীয়া, ৰাজনীতি বিজ্ঞান, ভূগোল আৰু শিক্ষা বিষয়ত লেটাৰ নম্বৰসহ ৮২% পাই অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিছে । ছাত্ৰী গৰাকীয়ে পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাতো অসমীয়া বিষয়ত লেটাৰ নম্বৰসহ প্রথম বিভাগত উৰ্ত্তীণ হৈছিল । অমায়িক আৰু মেধাবী ছাত্রী গৰাকীয়ে বিদ্যালয় পৰ্যায় বিভিন্ন প্ৰতিযোগিতাত অংশগ্রহণ কৰি ভাল পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন বিহু প্ৰতিযোগিতাত নৃত্য প্ৰদৰ্শন কৰি সুনাম আৰ্জিছে । ছাত্রী গৰাকীয়ে মুখ্যমন্ত্রীৰ বিশেষ বৃত্তিও লাভ কৰিবলৈ সক্ষম হৈছে । ছাত্রী গৰাকীৰ পিতৃয়ে এটি সাধাৰণ তামোল পানৰ দোকান দি কোনো মতে পৰিয়ালটো পোহপাল দিছে । ছাত্রী গৰাকীয়ে ভৱিষ্যতে ভূগোল বিষয়টি প্ৰধান বিষয় হিচাপে লৈ অধ্যয়ন কৰি এগৰাকী আদৰ্শ শিক্ষয়িত্ৰী হোৱাৰ সপোন পুহি ৰাখিছে । ছাত্রী গৰাকীয়ে আজিৰ এই ফলাফলৰ বাবে পিতৃ মাতৃ, জ্ঞানম একাডেমী চিনিয়ৰ চেকেণ্ডৰী স্কুল বৰগাঙৰ শিক্ষক বৃন্দ আৰু দশম শ্রেণীৰ পৰাই ঘৰুৱা ভাবে শিক্ষাৰ ক্ষেত্রত সহায় কৰি অহা শিক্ষক বিজিত ৰয়ৰ শলাগ লয় আৰু সমগ্ৰ বিহালীলৈ আনন্দৰ বন্যা বোৱাই আনে ।
Leave a Reply