গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়কগৃহলৈ যোৱা পথৰ কদৰ্য ৰূপ
অসম খবৰ ২৪ জুন ::
গোৱালপাৰা
গোৱালপাৰা জিলাৰ এটা বিশেষ পথ । পথটো এলা পেচা পথ নহয় ।
গৰাকী বিধায়কৰ ঘৰলৈ যোৱা এটা গুৰুত্বপূৰ্ণ পথ ।
গোৱালপাৰাৰ পূৱ সমষ্টিৰত আছে এই বিশেষ পথটো ৷
পথটোৰে গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়কৰ ঘৰলৈ যোৱা গুৰুত্বপূৰ্ণ এইটো পথ।
পথাৰলৈ যোৱা পথতকৈও কদৰ্যময় এই পথটো হৈছে গোৱালপাৰা পূৱৰ কংগ্ৰেছী বিধায়ক এ, কে, ৰচিদ আলমৰ ঘৰলৈ যোৱা পথ ৷
বছৰ বছৰ ধৰি গাঁৱখনৰ ৰাইজে এই বোকাৰে পৰিপূৰ্ণ পথটোৰে যাতায়ত কৰি ভূগিছে হাৰাশাস্তি।
বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো চৰকাৰ তথা স্থানীয় বিধায়ক আলমে পথটো নিৰ্মাণত গুৰুত্ব নিদিয়া অভিযোগ উঠিছে।
স্থানীয় ৰাইজৰ ক্ষোভ দুবাৰকৈ বিধায়ক হোৱা আলমে পাহৰিছে নেকি নিজ গাঁও তথা আপোন মানুহখিনিৰ কথা ৷
চহৰত ঘৰ নিৰ্মাণ কৰি বিধায়কে স্থায়ীভাৱে যেন পিঠি দিলে ৰাইজৰ ফালে ৷
যাৰ পৰিণাম এই দৃশ্য দেখা গৈছে । ৰাইজৰ দাবী জন্ম গাওঁ নহ’লেও এই গাঁৱৰ গৃহৰ পৰাই নিৰ্বাচন খেলি বিধায়ক হোৱা এ,কে,ৰচিদ আলমে এই গ্ৰাম্য পথটো যাতায়াতৰ উপযুক্ত কৰি তোলাৰ বাবে নিশ্চয় গুৰুত্ব আৰোপ কৰিব বুলি আশা কৰিছে।
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ
Vdo byte দিছোঁ
Leave a Reply