শেহতীয়া আপডেটঃ

তেজপুৰত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি : স্থানীয় ৰাইজৰ পথ অৱৰোধ :
ঘটনা স্থানত ৰাজ চক্ৰ বিষয়া উপস্থিত :

তেজপুৰত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি : স্থানীয় ৰাইজৰ পথ অৱৰোধ :
ঘটনা স্থানত ৰাজ চক্ৰ বিষয়া উপস্থিত ::

তেজপুৰ ১১ জুন::

তেজপুৰত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে দিনৰ প্ৰায় ২ মান বজাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে স্থানীয় ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখযোগ্য যে যোৱা বুধবাৰে তেজপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা। তীব্ৰ বেগী বাহনৰ খুন্দাত এজন থিতাতে নিহত হোৱা লগতে এগৰাকী ছাত্ৰী গুৰুত্ব ভাৱে আহত হৈছিল। এই দুৰ্ঘটনা তেজপুৰ প্ৰফুল্ল বৰা নামৰ এজন লোক আৰু মৃদুস্মিতা বৰা নামৰ এগৰাকী ছাত্ৰী গুৰুত্ব ভাৱে আহত হৈছিল।

বৰ্তমান ছাত্ৰী গৰাকীৰ চিকিৎসাধীন হৈ আছে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়।
ৰাইজে জানিবলৈ দিয়া অনুসৰি ছাত্ৰী গৰাকী সুস্থ হৈ উঠিবলৈ অধিক উন্নত চিকিৎসা লগতে বহু ধনৰ প্ৰয়োজন হ’ব যাৰ ফলত দৰিদ্ৰ পৰিয়ালটোয়ে এই বৃহৎ পৰিমাণৰ ধন চিকিৎসা বাবে যোগাৰ কৰিবলৈ সক্ষম হোৱা নাই । স্থানীয় প্ৰতিবাদী কাৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি গুৰুত্ব ভাৱে আহত হোৱা
মৃদুস্মিতা বৰাক পিতৃ প্ৰফুল্ল বৰাই টিউচন শেষ হোৱাৰ পিছত ঘৰলৈ উভতাই নিয়াৰ পথত তীব্ৰ বেগত অহা AS01BN 6858 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহনে ডেকাৰগাঁৱত খুন্দিয়াই চুচৰাই বহু দূৰলৈ লৈ যায় ৷

ইয়াৰ পিছতে সংকটজনক অৱস্থাত পিতৃ-কন্যাক আৰক্ষীয়ে তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও প্ৰফুল্ল বৰাক চিকিৎসকে মৃত ঘোষণা কৰে ।
আনহাতে দুৰ্ঘটনা সংঘটিত কৰা উক্ত বাহনখনে এই দুৰ্ঘটনাৰ পূৰ্বে আন দুই স্থানতো দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল ৷

ঘটনা সংঘটিত কৰা ছুইফ্ট ডিজায়াৰ বাহনখনত আছিল তিনিজন যুৱক ৷

তিনি ও যুৱকে ড্ৰাগছ সেৱন কৰি তীব্ৰ বেগত গাড়ী চলোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে প্ৰতিবাদী ৰাইজে।
আনহাতে দুৰ্ঘটনা দিনাই ঘটনাৰ পিছতে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল তিনিও যুৱক ।

তিনি ও যুৱক খেদি খেদি ৰাইজে আটক কৰি আৰক্ষীক চমাই দিছিল তিনিজন ক্ৰমে আব্দুল হামিড (21), আখতাৰ আলি (27), চাৰজান আলি (23) কিন্তু ইয়াৰ ভিতৰত দুজন লোকক থানাতে জামিন দি মুকলি কৰি দিয়া কেন্দ্ৰ কৰি শনিবাৰে শ শ লোক উলাই আহে ৰাজপথলৈ । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অসম আৰক্ষী হাই হাই, ঘোচ খোৱা আৰক্ষী ক’ত গ’ল আদি বিভিন্ন শ্লগানৰে প্ৰায় ২ ঘন্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দুখীক শাস্তি দাবী জনোৱা লগতে ভুক্তভোগী দৰিদ্ৰ পৰিয়ালক ক্ষতি পুৰনৰ দাবী জনাই উত্তেজিত ৰাইজে।
আনহাতে পথ অৱৰোধ স্থানত উপস্থিত হয় শোণিতপুৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক তেজপুৰ চক্ৰ বিষয়া‌ কিন্তু ৰাইজে কোনো কাৰণত প্ৰশাসনিক দুই বিষয়া গুৰুত্ব নিদি ৰাজপথ অৱৰোধ কৰি থাকে যদিও প্ৰাক্তন বিধায়কৰ ভাতৃ জীতেন বৰঠাকুৰ উপস্থিত হৈ ৰাইজৰ সৈতে আলোচনা কৰা পিছত ৰাইজে জীতেন বৰঠাকুৰৰ প্ৰতিশ্ৰুতিত প্ৰতিবাদী কাৰ্যসূচী উঠাই লয়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.