নিজৰ মাটি বিক্রি কৰি গছ পুলি ৰোপন কৰা বিশ্বনাথৰ এজন প্ৰকৃতি প্ৰেমী

নিজৰ মাটি বিক্রি কৰি গছ পুলি ৰোপন কৰা বিশ্বনাথৰ এজন প্ৰকৃতি প্ৰেমী বছৰৰ প্ৰতিটো দিনেই পৰিৱেশ দিৱস হিচাপে পালন কৰে ব্যক্তি জনে

বিশ্বনাথৰ এগৰাকী জেষ্ঠ অধিবক্তা। নাম কুমুদ বৰুৱা। ২০১২ চনৰ পৰাই হাতত ঝাৰু লৈ ওলাই আহিছে এটা সপোনক বাস্তব ৰূপ দিবলৈ। কেৱল ঝাৰুতে সীমাবদ্ধ নহয়,সমগ্ৰ বিশ্বনাথত প্ৰায় দহ হাজাৰতকৈ অধিক গছ পুলি ৰোপন কৰি বিশ্বনাথত এক অভিলেখ সৃষ্টি কৰিছে এই গৰাকী অধিবক্তাই।অকল গছ পুলি ৰোপন কৰি দায়িত্ব সমাপ্ত কৰা নাই এই গৰাকী অধিবক্তাই।গছ পুলি সমূহ লালন পালন কৰি ডাঙৰ দীঘলো কৰিছে। আজি সমগ্ৰ বিশ্বনাথ নগৰ তথা কেইবাটাও অঞ্চলত ছাঁ দি থকা প্ৰতি জোপা গছ এই গৰাকী অধিবক্তাই নিজৰ সন্তানৰ দৰে লালন পালন কৰি আহিছে। উল্লেখ্য যে বিশ্বনাথৰ বামগাও নিবাসী কুমুদ বৰুৱাই ২০১২ চনত স্বচ্ছ বিশ্বনাথৰ গঢ়াৰ সপোন দেখিছিল।গছ গছনীৰে পৰিপূৰ্ণ থকা সপোন দেখিছিল।আৰু সেই সপোনকে বাস্তবত ৰূপান্তৰিত কৰিবলৈ ২০১২ চনৰ পৰা অধিবক্তা গৰাকীয়ে হাতত ঝাৰু লৈ প্ৰতিদিনে পুৱা গধূলি দোকানৰ সন্মূখত আৰু বিশ্বনাথ বিভিন্ন স্থানত নিজে ঝাৰু মাৰি স্বচ্ছ বিশ্বনাথ গঢ়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। তাৎপৰ্য পূৰ্ণ বিষয় এইয়াই যে গছ পুলি ৰোপন কৰা বাবে আৰু লালন পালনত প্ৰয়োজন হোৱা অৰ্থৰ বাবে নিজৰ মাটি বিক্রি কৰিবলৈও কুণ্ঠাবোধ নকৰিলে এইজন ব্যক্তিয়ে। নিজৰ মাটি বিক্ৰী কৰি পোৱা ধনৰেও গছপুলি ৰোপন আৰু লালন পালন কৰিছে অধিবক্তাজনে। আনহাতে এইগৰাকী কুমুদ বৰুৱাই নিজ হাতে অসমৰ বিভিন্ন জিলাত গছ পুলি ৰোপণ কৰাৰ লগতে থাইলেণ্ডতো গছ পুলি ৰোপণ কৰিছে। তদুপৰি বিশ্বনাথ নগৰত নিশা গাড়ীৰ খুন্দাত মৃত্যু হোৱা কুকুৰ মেকুৰি তথা গৰুৰ মৃতদেহো নিদিষ্ট স্হানলৈ নিজৰ গাড়ীতে লৈ যায় বৰুৱাই। কুমুদ বৰুৱাৰ এই পদক্ষেপ সঁচাকৈয়ে শলাগ লব লগিয়া। কাৰণ তেওঁ কেৱল পৰিবেশ দিৱসৰ লগত সংগতি নাৰাখি বছৰৰ প্ৰতিটো দিনেই ব্যস্ত থাকে গছপুলি ৰোপণ কৰাৰ লগতে লালন পালন তথা স্বচ্চ বিশ্বনাথ গঢ়ি তোলাৰ ক্ষেত্ৰত

Be the first to comment

Leave a Reply

Your email address will not be published.


*