সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বার্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। ১৯৪০ চনত জন্মলাভ কৰা যশস্বী শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৫ বছৰ। আকাশবাণীৰ বি-হাই গ্রেড শিল্পী মিনতি খাউণ্ড শাস্ত্রীয় সংগীতৰ অন্যতম গুৰুৰূপে সমগ্ৰ দেশতে পৰিচিত আছিল।
মৃত্যুৰ সময়ত তেওঁ পুত্ৰ অসম লোকসেৱা আয়োগৰ সদস্য পৱিত্ৰ ৰাম খাউণ্ড আৰু কন্যা বিশিষ্ট বেহেলাবাদক সুনীতা খাউণ্ড ভূঞাক এৰি থৈ যায়। যশস্বী শিল্পী খাউণ্ডৰ মৃত্যুত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্রকাশ কৰিছে। তেওঁ কয়, যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বেহেলা বাদনেৰে অসমক প্রতিনিধিত্ব কৰি শিল্পীগৰাকীয়ে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছিল।
বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান
মৃত্যুৰ সময়ত তেওঁ পুত্ৰ অসম লোকসেৱা আয়োগৰ সদস্য পৱিত্ৰ ৰাম খাউণ্ড আৰু কন্যা বিশিষ্ট বেহেলাবাদক সুনীতা খাউণ্ড ভূঞাক এৰি থৈ যায়।
[sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]



