শেহতীয়া আপডেটঃ

নৱপ্ৰজন্মৰ ড্ৰাগছ আসক্তিঃ মাৰাত্মক সামাজিক ব্যাধি ✒️উৰ্ম্মিলা বৰগোহাঁই

✒️উৰ্ম্মিলা বৰগোহাঁই

বিশ্ব স্বাস্থ্য সংস্থাৰ সংজ্ঞা মতে ড্ৰাগছ হৈছে এনেবস্তু যিবোৰ জীৱদেহত প্ৰয়োগ কৰিলে এক বা তাতোধিক পৰিবৰ্তন ঘটোৱা দ্ৰব্য। আমি গ্ৰহণ কৰা ঔষধবোৰো এক প্ৰকাৰৰ ড্ৰাগছ।
সাম্প্ৰতিক সময়ত নিচাযুক্ত দ্ৰব্য বা নাৰ্কটিক ড্ৰাগছ সামাজিক ব্যাধিত পৰিণত হৈছে। নাৰ্কটিক শব্দটো গ্ৰীক শব্দ “Narkatikas” ৰ পৰা অহা শব্দ। ইয়াৰ অৰ্থ হৈছে জড়তা বা অচেতন অৱস্থা। নিচাজাতীয় দ্ৰব্য যেনে- মদ, ভাং, ধপাত, ক’কেইন, হেৰ’ইন আদি নাৰ্কটিক ড্ৰাগছ। এইসমূহ ড্ৰাগছ গ্ৰহণ কৰা ব্যক্তিৰ মানসিক স্থিতিৰ পৰিবৰ্তন ঘটে। মানসিক স্থিতি পৰিবৰ্তন কৰিব পৰা সকলো ড্ৰাগছেই মানুহে এবাৰ ব্যৱহাৰ কৰাৰ পিছত এৰিব নোৱাৰা হৈ পৰে আৰু ই আসক্তিলৈ পৰিণত হয়।
ড্ৰাগছ আসক্তি হৈছে আধুনিক সভ্যতাৰ আন এটা এৰাব নোৱাৰা সামাজিক ব্যাধি। এই ব্যাধিত আক্ৰান্ত হোৱা নৱপ্ৰজন্মৰ বৰ্ধিত হাৰলৈ লক্ষ্য কৰিলে স্পষ্ট ছৱি দেখা যায়। সংজ্ঞা অনুসৰি ড্ৰাগ শব্দটো বহুল ধাৰণা বহন কৰিছে। এন্টিবায়টিক, গৰ্ভনিৰোধক পিল, কফ চিৰাপ আদি সকলোৱেই ড্ৰাগছ। ড্ৰাগ শব্দটোলৈ মন কৰিলে দেখা যায় যে, সম্পূৰ্ণ মানৱীয় স্বাৰ্থত ব্যৱহাৰ কৰা ড্ৰাগ শব্দটোৰ জৰিয়তে ড্ৰাগছ এবিউজ, ড্ৰাগছ ডিপেনডেন্স আদি অৱস্থাও বুজাব লগীয়া হৈছে। যিটো অতি দুৰ্ভাগ্যজনক। ড্ৰাগ এবিউজ হৈছে যিকোনো ড্ৰাগছ নিজৰ ইচ্ছা অনুসৰি গ্ৰহণ কৰা। ড্ৰাগ ডিপেনডেন্স হৈছে এজন ব্যক্তিয়ে ছাইকোএক্টিভ ঔষধ গ্ৰহণ কৰা পৰিণাম স্বৰূপে পোৱা আমেজ। অৱশেষত এনে এক মানসিক আৰু শাৰীৰিক অৱস্থাৰ সৃষ্টি হয় যে, ব্যক্তিজনে সেই ড্ৰাগছে আগতে দি থোৱা মানসিক আমেজ বাৰে বাৰে পাবলৈ আগ্ৰহী হয়।
মানুহে কেনেকৈ এটা বিধ্বংসী ড্ৰাগছৰ কৰাল গ্ৰাসত পৰে তাক সঠিক ভাৱে কোৱা টান। আনন্দৰ সন্ধানত ড্ৰাগছৰ আশ্ৰয় লোৱা এটা সৰু উদাহৰণ। “খাই চাওঁ” জাতীয় পৰীক্ষামূলক অভিজ্ঞতাৰ জৰিয়তেই গোটেই ঘটনাটোৰ আৰম্ভ হ’ব পাৰে। নতুবা বন্ধু – বান্ধৱীৰ উচটনিত সাহসৰ কাম কৰা প্ৰৱল ইচ্ছা চৰিতাৰ্থ কৰা মানসেৰে ড্ৰাগছৰ এই যাত্ৰা আৰম্ভ হ’ব পাৰে। কিছুমান ক্ষেত্ৰত বাস্তৱ জগতৰ পৰা, সমস্যাৰ পলায়নৰ পথ বিচাৰি ড্ৰাগছ সেৱনত আসক্ত হোৱা দেখা যায়। ড্ৰাগছ সেৱন কৰি প্ৰথম বাৰৰ বাবে সৃষ্টি হোৱা উত্তেজনাই এই দ্ৰব্যবিধ গ্ৰহণ কৰাৰ কিছু সময়লৈকে ক্ৰিয়া কৰি পাছ মুহুৰ্তত আৰু দুগুণ সম্পূৰ্ণ বিপৰীত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। যাৰ বাবে এজন ড্ৰাগছ গ্ৰহণকাৰীয়ে পুনৰ ড্ৰাগছ গ্ৰহণ কৰিবলৈ বাধ্য হয়। গতিকে ড্বাগছৰ প্ৰতি এজন ব্যক্তি আসক্তি আৰম্ভ হয় যেতিয়া প্ৰথম বাৰৰ বাবে ড্ৰাগছ ব্যৱহাৰ কৰি ব্যক্তিজনে পিছলৈ অভ্যাসত পৰিনত কৰে। অৱশেষত তেওঁ ড্ৰাগছৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। সমস্যা গধুৰ আধুনিক বিশ্বৰ বহু সমস্যাৰ সমাধান বিচাৰি বহুতে মদ, ভাং আদিৰ আশ্ৰয় লোৱা দেখা যায়। ড্ৰাগছ আসক্তি সৰহভাগ ব্যক্তিয়েই হৈছে কম বয়সীয়া ল’ৰা-ছোৱালী।
প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নে ড্ৰাগছ সমস্যা বঢ়োৱাত আগভাগ লোৱা দেখা যায়। টেলিভিচন, পৰ্যটন বিকাশ, মানুহৰ বাঢি় অহা টকা – সম্প্ৰতি, অবাধ স্বাধীনতা আদিয়েও ড্ৰাগছ আসক্তিৰ জন্ম দিয়া মূল কাৰণ। সাম্প্ৰতিক সমাজত অসামাজিক, অপৰাধমূলক অপ-সংস্কৃতিৰ জন্ম হৈছে যাৰ অন্যতম হৈছে ড্ৰাগছ সেৱন। বৰ্তমান সমাজৰ সকলো স্তৰৰ মানুহৰ মাজত ড্ৰাগছ বিয়পি পৰিছে। কৰ্কট ৰোগৰ নিচিনাকৈ ই সমাজৰ সকলো অংগলৈকে বৰ খৰতকীয়াকৈ প্ৰসাৰিত হৈছে। ড্ৰাগছ সেৱন আৰু তাৰ প্ৰতি আসক্তিৰ মূল কাৰক হৈছে-নিয়োগহীনতা, সংস্থাপনহীনতা, ঘৰৰ পৰা আঁতৰত থকা, চহৰলৈ অনুপ্ৰৱেশ হোৱা, পিতৃ-মাতৃৰ অনুশাসন কঠোৰ নোহোৱা, সৰুকালতে মাদক দ্ৰব্যৰ লগত চিনাকি হোৱা, স্কুলীয়া শিক্ষা সম্পূৰ্ণ নকৰা, পিতৃ-মাতৃ পৃথকে পৃথকে থকা, বৃহৎ নগৰীয়া পৰিবেশৰ প্ৰভাৱ পৰা, ড্ৰাগছ সেৱন কৰা মানুহৰ ঠাইত বাস কৰা, মাদক দ্ৰব্য তৈয়াৰ কৰা আৰু বিক্ৰী কৰা ওচৰৰ ঠাইত বাস কৰা লোক।


এখন দেশৰ সামগ্ৰিক উন্নয়নৰ মূল চালিকাশক্তি হৈছে যুৱসমাজ। কিন্তু সাম্প্ৰতিক এই যুৱ সমাজতেই বিভিন্ন কেৰোণ ধৰিবলৈ আৰম্ভ কৰিছে। বিশেষকৈ চৈধ্য বছৰ বয়সৰ পৰা ত্ৰিশ বছৰৰ অনুৰ্ধৰ তথা অবিবাহিত যুৱক-যুৱতীৰে যুৱ সমাজ গঠিত। পৰিবেশ-পৰিস্থিতিৰ প্ৰতিকুলতাত ইয়াৰে এচাম যুৱক- যুৱতীয়ে আত্মনিয়ন্ত্ৰণ হেৰুৱাই বিপথে গতি কৰিছে। লগতে উঠি অহা চামকো বিপথে পৰিচালিত কৰিছে। বৰ্তমান ভোগসৰ্বস্ব বস্তুবাদী সমাজৰ সৈতে ফেৰ মাৰিবলৈ গৈ এচাম যুৱক-যুৱতীয়ে কৃত্ৰিম সুখানুভূতি লাভৰ বাবে সহজতে মাদকদ্ৰব্য গ্ৰহণ কৰিছে। এনে এক মাৰাত্মক বৰবিহ সদৃশ মাদক দ্ৰব্য হৈছে ড্ৰাগছ। ড্ৰাগছৰ প্ৰভাৱে বৰ্তমানৰ যুৱচামক এক অনিশ্চিত ভৱিষ্যতলৈ লৈ গৈছে। ড্ৰাগছ আসক্তি বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে এক ভয়াবহ ব্যাধি হিচাপে পৰিগণিত হৈছে। প্ৰথমে বিশ্বৰ উন্নত দেশবোৰত ড্ৰাগছ আসক্ত প্ৰচুৰ আছিল যদিও পিছলৈ ই অনুন্নত আৰু উন্নয়নশীল দেশসমূহতো বিয়পি পৰিল।
ড্ৰাগছ আফিমৰ পৰা তৈয়াৰ কৰা হয়। ইয়াৰ লগত ৰাসায়নিক প্ৰক্ৰিয়াৰ অন্যান্য নিচাযুক্ত পদাৰ্থও সংযোগ কৰা হয়। বৰ্তমান বজাৰত উপলব্ধ এই মাৰাত্মক বৰবিহ সদৃশ ড্ৰাগছ বিভিন্ন প্ৰকাৰে পোৱা যায়। ড্ৰাগছ সেৱনৰ ফলাফল অতি ভয়াবহ। ড্ৰাগছ আসক্তি এজন লেক তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবাঢে। বেজিৰে ড্ৰাগছ লোৱাৰ বাবে এইড্ৰ লগতে বিভিন্ন ৰোগৰ বীজাণু শৰীৰত সংক্ৰমণ ঘটে। ইয়াৰ উপৰিও দূৰ্বলতা, পেটৰ বিষ, হেপাটাইটিছ, শৰীৰ কঁপনি, অস্বাভাৱিক ৰক্তচাপ, যকৃতৰ বিভিন্ন ৰোগ, নিদ্ৰাহীনতা, আভোক, অস্থিৰতা আদি বিভিন্ন ৰোগে শৰীৰত ঠাই লয়। ড্ৰাগছ সেৱনৰ ফলত মানসিক দিশতো যথেষ্ট প্ৰভাৱ পৰে। সেযে আত্মহত্যাৰ প্ৰৱণতা, অকাৰণতে উত্তেজিত হোৱা, হতাশাত ভোগা, উদাসীনতা, অসংযত আচৰণ প্ৰভৃতি কাৰকে দেখা দিয়ে। বৰ্তমান অসমতো ড্ৰাগছ আসক্তি ভয়াবহ ৰূপ লৈছে। অসমত মূলত ড্ৰাগছ সৰবৰাহ হয় মণিপুৰ সীমান্তইদি।
ড্ৰাগছ আসক্তিয়ে ব্যক্তিগত ভাৱে ক্ষতি কৰাৰ লগতে পৰিবেশ, সামাজিক, অৰ্থনীতি, ৰাজনীতি আদি সকলোতে ঋণাত্মক প্ৰভাৱ পেলায়। সূস্থ চিন্তা অবিহনে এখন সূস্থ সমাজৰ কথা কল্পনা কৰিব নোৱাৰি। ড্ৰাগছৰ দৰে সমাজৰ মাৰাত্মক ব্যাধি ৰোধ কৰিবলৈ হ’লে যুৱশক্তিক সদায় সৎকামত, সৎ চিন্তাত প্ৰবৃত্ত কৰি ৰাখিব লাগিব। পিতৃ-মাতৃ, সমাজৰ অগ্ৰণীলোক, শিক্ষক তথা চৰকাৰখনো সদায় সচেতন হ’ব লাগিব।
ড্ৰাগছ, মদ, ভাং, চিগাৰেট, কানি সকলোবোৰেই “ছাইকোএটিভ” নিষিদ্ধ বস্তুৰ উদাহৰণ। প্ৰতিৰোধৰ উপায় সমূহ বাস্তৱিক হোৱাৰ লগতে ইহঁতৰ ফলাফল সম্পৰ্কেও সজাগ হোৱা প্ৰয়োজন। খৰখেদাকৈ এইবোৰ বস্তু সমাজৰ পৰা নিৰ্মূল কৰা সহজ নহয়। ইয়াৰ কাৰণে সময়ৰ প্ৰয়োজন হ’ব। প্ৰয়োজন হ’ব সুস্থিৰ সামাজিক ব্যৱস্থাৰ। আমাৰ সংস্কৃতিৰ পৰিবৰ্তন হ’ব লাগিব। লগতে পৰিবৰ্তন হ’ব লাগিব সামাজিক মূল্যবোধ। আমাৰ মূল্যবোধৰ পৰিবৰ্তন আমি কৰিবই লাগিব। সমাজ এখনৰ প্ৰতিজন সুৰাসক্ত ব্যক্তিয়েই সুৰাৰ পৰা আঁতৰি আহিলেই সুৰাৰ বিপক্ষে আমাৰ আন্দোলন ফলপ্ৰসু হ’ব।
উঠি অহা ল’ৰা-ছোৱালীক মাদক দ্ৰব্যৰ পৰা আঁতৰাই ৰাখিবলৈ আমি কেতবোৰ পদক্ষেপ ল’ব লাগিব। তেওঁলোকক খেলা-ধূলাৰ প্ৰতি ধাউতি বঢ়োৱা, নাচ-গান আদিৰ প্ৰতি অনুৰাগ সৃষ্টি কৰা, ছৱি অঁকা, ভাস্কৰ্য্য আদিত মনোনিৱেশ কৰোৱা, প্ৰকৃতিৰ ৰক্ষণা বেক্ষণ জাতীয় কামত জড়িত কৰোৱাব লাগিব। এনে সৃষ্টিমূলক কামত লগাব পাৰিলে তেওঁলোকে মাদক দ্ৰব্যৰ প্ৰতি আসক্তি একেবাৰে নোহোৱা কৰিব নোৱাৰিলেও দহ শতাংশ কমাব পৰিব বুলি ন-দি ক’ব পাৰি। ড্ৰাগছ আসক্ত ব্যক্তিৰ পৰিবেশৰ আমূল পৰিৱৰ্তন কৰিব লাগিব। অপ-সংস্কৃতিৰ পৰা স্বাস্থ্যৱান সমাজ ব্যৱস্থালৈ উলটি অহা সদস্যসকলক মৰমেৰে আঁকোৱালি লৈ তেঁওলোকে যাতে এটা সূস্থ জীৱন যাপন কৰিব পাৰে, তাৰ দায়িত্ব আমি প্ৰত্যেকেই ল’ব লাগিব। ইয়াৰ বাবে আমি সদায় সাজু থাকিব লাগিব। ড্ৰাগছ বিৰোধী যুঁজত প্ৰশাসন আৰু সাধাৰণ ৰাইজৰ সচেতনতা আৰু সহযোগৰ দ্বাৰাহে আমি জয়ী হ’ব পাৰিম।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.