31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    চিনমায়া ফাউণ্ডেশ্যনৰ ইংৰাজী আৰু অসমীয়া ভাষাত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন

    অসমীয়া কবিতা প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী সকল হৈছে কনিষ্ঠ শাখাৰ প্ৰথম সমৰ খনিকৰ, দ্বিতীয় প্ৰীতম গগৈ তৃতীয় নীলম যাদৱ আৰু জেষ্ঠ শাখা প্ৰথম বাবলি দাস, দ্বিতীয় হাদিবা খাতুন।

    শনিবাৰে চিনমায়া ফাউণ্ডেশ্যন (An International people’s enhancement organization for peace & Harmony) ভাৰতৰ ৰাষ্ট্ৰদূত ৰাজশ্ৰী সেনাপতি গগৈয়ে ইংৰাজী আৰু অসমীয়া ভাষাত ডিব্ৰুগড়ৰ চেক্ৰেড হাৰ্ট স্কুল ইংৰাজী মাধ্যম বিদ্যালয়ত কনিষ্ঠ আৰু জ্যেষ্ঠ শাখাৰ বাবে কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰে।

    ড০ ৰুণুমা শৰ্মা, ৰাজশ্ৰী সেনাপতি গগৈ, বুলু হাজৰিকা আৰু মিতু গোস্বামীয়ে বিচাৰক হিচাপে উপস্থিত থাকি কণমানি ছাত্ৰ-ছাত্ৰীসকলক আন্তৰাষ্ট্ৰীয় নৱকবি হিচাপে উলিয়াই অনাৰ প্ৰয়াস কৰে৷ বিচাৰক সকলৰ সহযোগিতা আৰু অতি কম সময়ৰ ভিতৰতে ছাত্ৰ-ছাত্ৰী সকলৰ অংশগ্ৰহণে যথেষ্ট সঁহাৰি লাভ কৰে৷ বিচাৰক আৰু আহ্বায়কে নতুন কবিসকলৰ উত্থানৰ বাবে এক প্ৰচেষ্টা চলাইছে৷ চেক্ৰেড হাৰ্ট স্কুল (Sacred Heart School) বিদ্যালয়ৰ অধ্যক্ষ ৰাজশ্ৰী দত্তই চিনমায়া ফাউণ্ডেশ্যনৰ সৈতে সহযোগিতা কৰে।

    নবীন কবিসকলক প্ৰতিভা বিকাশৰ এই মহান আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পত যোগদান আগবঢ়োৱাৰ বাবে ইন্টাৰনেছনেল ফ্ৰিলেঞ্চ এমেবেচাদৰ ৰাজশ্ৰী সেনাপতি গগৈয়ে স্কুলৰ প্ৰধান শিক্ষকৰ লগতে বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী সকলকো আন্তৰিকতাৰে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে। এই মহৎ কাৰ্য সফল হোৱাত সহায় কৰাৰ বাবে চিনমায়া ফাউণ্ডেশ্যনৰ পৰা এডমিন চিপ্ৰা দাস আৰু মডাৰেটৰ গেব্ৰিয়েলক প্ৰদান কৰা হয়।

    অসমীয়া কবিতা প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী সকল হৈছে কনিষ্ঠ শাখাৰ প্ৰথম সমৰ খনিকৰ, দ্বিতীয় প্ৰীতম গগৈ তৃতীয় নীলম যাদৱ আৰু জেষ্ঠ শাখা প্ৰথম বাবলি দাস, দ্বিতীয় হাদিবা খাতুন। ইংৰাজী কবিতা প্ৰতিযোগিতাত স্থান পোৱা কনিষ্ঠ শাখাৰ হৈছে সমৰ খনিকৰ, দ্বিতীয় ৰেইনী শইকীয়া, তৃতীয় সায়ন্তী মজুমদাৰ আৰু জেষ্ঠ শাখাৰ আব্দুল ইয়াছ, দ্বিতীয় অস্তিত আলি, তৃতীয় অধিতা কুমাৰী শ্বাহ।

    প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাই আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকীকে অংশগ্ৰহণ কৰা প্ৰমাণপত্ৰ প্ৰদান কৰে। চেক্ৰেড হাৰ্ট স্কুল (Sacred Heart School)ৰ প্ৰধান শিক্ষক ৰাজশ্ৰী দত্ত আৰু এডমিন মডেৰেটাৰ সকলে ৰাজশ্ৰী সেনাপতি গগৈক শলাগৰ শৰাই আগবঢ়াই। লগতে ইন্টাৰনেছনেল ফ্ৰিলেঞ্চ এমেবেচাদৰ ৰাজশ্ৰী সেনাপতি গগৈয়ে এই মহৎ কাৰ্য দেশৰ লগতে, অসমত এই সুযোগ দিয়াৰ বাবে চিনমায়া ফাউণ্ডেচনলৈ ধন্যবাদ জ্ঞাপন কৰে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.