শেহতীয়া আপডেটঃ

আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছঃ ল’ৰা-ছোৱালীৰ খিতাপৰ যুঁজত ভাৰত বনাম আমেৰিকা

গুৱাহাটীঃ শীৰ্ষ বাচনিৰ ভাৰতৰ সেহাজ সিং পাৱাৰক ৬-৩, ৭-৫ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি আমেৰিকাৰ ইজিয়ান আহমেদে গুৱাহাটীত চলি থকা আই টি এফ জুনিয়ৰ [জে-৬০] আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাৰ ল’ৰাৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ তৃতীয় বাচনিৰ ইজিয়ানে কাইলৈ হ’বলগা খিতাপৰ যুঁজত ভাৰতৰ বাচনি বিহিন খেলুৱৈ অৰ্জুন ৰাথীৰ মুখামুখি হ’ব৷ উল্লেখ্য যে প্ৰতিযোগিতাত চমক সৃষ্টিৰে অগ্ৰগতি অব্যাহত ৰখা অজুৰ্নে আজি হোৱা ল’ৰাৰ একক শাখাৰ আনখন ছেমিফাইনেলত ষষ্ঠ বাচনিৰ ভাৰতৰ প্ৰনীল শৰ্মাক ৬-১, ৬-২ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে৷

ইফালে, ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ বিশ্ব ৰেংকিঙৰ প্ৰতিযোগিতাখনত কাইলৈ ছোৱালীৰ একক শাখাৰ ফাইনেল অনুষ্ঠিত হ’ব শীৰ্ষ বাচনিৰ ভাৰতৰ ঋষিতা ৰেড্ডী আৰু দ্বিতীয় বাচনিৰ আমেৰিকাৰ প্ৰিয়ংক ৰাণাৰ মাজত৷ গুৱাহাটীৰ চচলস্থিত টেনিছ প্ৰকল্পত আজি অনুষ্ঠিত হোৱা ছেমিফাইনেলত ঋষিতাই ৬-১, ৬-৩ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে ভাৰতৰ চতুৰ্থ বাচনিৰ ঐশ্বৰ্য যাদৱক৷ আনহাতে, আনখন ছেমিফাইনেলত প্ৰিয়ংকই ৬-১, ৬- ৪ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে শৈৱী গৌৰৱ দলালক৷

উল্লেখ্য যে সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সংন্থাৰ সহযোগত আয়োজন কৰা তথা বিশ্ব টেনিছ সংঘৰ স্বীকৃত প্ৰতিযোগিতাখনৰ ল’ৰা আৰু ছোৱালীৰ ডাবলছ শাখাৰ ফাইনেল আজি অনুষ্ঠিত হয়৷ ল’ৰাৰ ডাবলছ শাখাৰ ফাইনেলত শীৰ্ষ বাচনিৰ ফ্ৰান্সৰ এৰন গাবেট আৰু ভাৰতৰ সেহাজ সিং পাৱাৰ যুটিয়ে চতুৰ্থ বাচনিৰ ভাৰতীয় যুটি আদিত্য মোড় আৰু অৰ্জুন ৰাথীক ৬-২, ৬-৩ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি খিতাপ লাভ কৰে৷ ইফালে, ভাৰতৰ ঐশ্বৰ্য যাদৱ আৰু সোহিনী সঞ্জয় মহন্তীয়ে ছোৱালীৰ ডাবলছ শাখাৰ খিতাপ লাভ কৰিছে৷ শীৰ্ষ বাচনিৰ যুটিটোৱে ফাইনেলত ৬-১, ৬-৩ ৰ পোনপটীয়া ব্যৱধানত ভাৰতৰে দ্বিতীয় বাচনিৰ মাহিকা খান্না আৰু কাশৱী সুনীলক পৰাস্ত কৰে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.