ৰাস মহোৎসৱ প্ৰস্তুতি : মহিলাৰ দ্বাৰা মঞ্চস্থ হ’ব এই বাৰ মাজুলীৰ ৰাস : Video

 

 

সত্ৰনগৰী মাজুলীত যুৱক-যুৱতীৰ নৃত্যৰ ছন্দত উখল-মাখল পৰিৱেশ মাজুলী

শৰত কালৰ অতি মনোমোহা পূণিমাৰাতিত
ৰাস ক্ৰীড়া কৰি কৃষ্ণই গোপী সকলক দেহ মন মোহিত কৰিছিল । সত্ৰনগৰী মাজুলীৰ আকাশ বতাহ এতিয়া বিলীন ৰাসৰ আখৰাত ব্যস্ত এজাক ডেকা-গাভৰুৰ নৃত্য ছন্দ ধ্বনিৰে ।

ৰাসলৈ মাজত মাথোঁ কেইটামান দিন দ্বিতীয় বৃন্দাবনলৈ পৰ্যবসিত সত্ৰনগৰী মাজুলী । নদীৰ দ্বীপ মাজুলীত সত্ৰ সমূহকে ধৰি বিভিন্ন ৰাস মঞ্চ সমুহত এতিয়া নিগৰিতহৈ ভাঁহি আহিছে শিশু কৃষ্ণৰ দুষ্টামীৰ পৰা অঘাসুৰ, বকাসুৰৰ গৰ্জন ,দৈৱকীৰ হিয়া ভঙা কান্দোনৰ পৰা কংসৰ আৰ্তহাস্য আৰু শ্ৰীকৃষ্ণৰ মুৰুলিৰ সুমধুৰ মূচ্ছণায়ে এতিয়া মাজুলীৰ চৌদিশ মুখৰিত ।

কুৰি খন সত্ৰ ৫৪ খন ৰংগমঞ্চত এই বাৰ মঞ্চস্থ হ’ব ৰাস মহোৎসৱ ।
যাৰ বাবে আয়োজন সমিতি সমূহে শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা বাবে আখৰা প্ৰস্তুতি চলিছে ।
ইফালে
এই বাৰ মাজুলীত এখন ব্যতিক্ৰমী ৰাস মহোৎসৱৰ আয়োজন চলিছে
মাজুলীৰ শ্ৰীৰাম আঞ্চলিক কৃষ্টি সংঘই

সম্পূৰ্ণ মহিলাৰ দ্বাৰা মঞ্চস্থ কৰা হ’ব এই ৰাসলীলা ।
মাজুলীৰ প্ৰথম খন ৰংগমঞ্চ য’ত কেৱল মহিলাৰ দ্বাৰা মঞ্চস্থ হ’ব এই খন ৰাস ।

মাজুলীৰ একমাত্ৰ মহিলাৰ দ্বাৰা প্ৰদৰ্শন হ’ব লগা এই ৰাস খনিক লৈ এতিয়া আনন্দৰ সীমা নোহোৱা হৈছে মাজুলী বাসীৰ।
মাজুলীৰ ৰাস সমুহ ৩ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত হ’ব ।

প্ৰেৰক : জয়ন্ত কুমাৰ হাজৰিকা

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.