Sunday, May 25, 2025
27 C
Guwahati

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত মৰিগাঁৱৰ দুই জ্যেষ্ঠ সাংবাদিক গুৱাহাটীত সম্বৰ্দ্ধিত

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে আজি গুৱাহাটীত ৰাজ্যিক ভিত্তিত ১২ জনকৈ প্ৰবীণ সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰে।

গুৱাহাটীৰ লাষ্টগেটস্থিত পি ডব্লিউ ডি কনভেনচন চেণ্টাৰত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত আজি মূখ্য অতিথি হিচাপে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা উপস্থিত থাকে। অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ৰাজ্যৰ অবিৰত, নিষ্ঠাপূৰ্ণ সংবাদ সেৱা আগবঢ়ায় অহা ১২ জনকৈ বিশিষ্ট সাংবাদিকক সম্বৰ্ধনা জনায়।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই অনুষ্ঠানত অসম চৰকাৰৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰে মৰিগাঁৱৰ দুজনকৈ প্ৰবীণ সাংবাদিক দ্যা আছাম ট্ৰিবিউনৰ জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন আৰু অসমীয়া খবৰ,দৈনিক অগ্ৰদূতৰ জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাই। উল্লেখ্য যে- অসমৰ সংবাদ জগতত নিষ্ঠাৰে সুদীৰ্ঘ ৩২ বছৰতকৈও অধিক কাল ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনত সেৱা আগবঢ়ায় অহা “দ্যা আছাম ট্ৰিবিউন”ৰ জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন আৰু “অসমীয়া খবৰ”,”দৈনিক অগ্ৰদূত”ৰ জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাক আজি গুৱাহাটীত ৰাজ্যিক ভিত্তিত আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত অসম চৰকাৰে সম্বৰ্ধনা জনোৱাত মৰিগাঁৱৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানে উষ্ম আদৰণি জনায়।

আজি গুৱাহাটীৰ পি ডব্লিউ ডি কনভেনচন চেণ্টাৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ অতিৰিক্ত সচিব পৱন কুমাৰ বৰঠাকুৰ, মুল বক্তা হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক ড০ চন্দন কুমাৰ শৰ্মাই অংশ গ্ৰহণ কৰে।

- Advertisement -

Hot this week

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Topics

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
27.8 ° C
27.8 °
27.8 °
66 %
1.3kmh
98 %
Sat
27 °
Sun
28 °
Mon
24 °
Tue
30 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds