31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ৰাজ্য চৰকাৰৰ উদ্যোগত ৩ৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ

    অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত কাইলৈৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হ’ব। অসমীয়া ভাষাই লাভ কৰা ধ্ৰুপদী ভাষাৰ বিৰল স্বীকৃতিক প্ৰতিজন অসমীয়াৰ ওচৰলৈ নিয়াৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। চতুৰ্থ শতিকাৰ পৰা পৰ্যায়ক্রমে অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি যোগোৱা মনিষী, পণ্ডিত আৰু ভাষাবিদসকললৈ কৃতজ্ঞতা জ্ঞাপনৰ লগতে ভাষা গৌৰৱ সপ্তাহৰ বিভিন্ন কাৰ্যসূচীৰ অধীনত প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ধ্রুপদী অসমীয়া শীৰ্ষক গ্রন্থ নাগৰিকৰ মাজত বিতৰণ কৰা হ’ব। তদুপৰি ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি অসমীয়া ভাষাৰ লগতে ৰাজ্যৰ অন্যান্য সৰু-বৰ ভাষাৰ বিকাশ-বিৱৰ্তন সন্দৰ্ভত তথ্যপূর্ণ আলোচনাৰো আয়োজন কৰা হৈছে।

    এই আয়োজনৰ এটা প্ৰধান কাৰ্যসূচী হিচাপে অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক লাখ নাগৰিকৰ জৰিয়তে কৃতজ্ঞতাসূচক পত্ৰ প্ৰেৰণ কৰা হ’ব। ইয়াৰ লগতে অসমীয়াকে ধৰি ৰাজ্যৰ ১৪ টা ভাষাত শৈক্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। গুৱাহাটীত কাইলৈ ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ ১১ বজাৰ পৰা হ’বলগীয়া এই অনুষ্ঠানত বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুও উপস্থিত থাকিব। ৰাজ্য চৰকাৰৰ আন আন মন্ত্রীসকল বিভিন্ন জিলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ভাষা গৌৰৱ সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত প্ৰতিটো বিভাগৰ পাঁচজনকৈ শীর্ষ বিষয়া উপস্থিত থাকিবলৈ কামৰূপ মহানগৰ জিলা আয়ুক্তই নির্দেশ দিছে। ইয়াৰ লগতে জিলাখনৰ প্ৰতিখন চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ দুজনকৈ শিক্ষক-প্রতিনিধিক অনুষ্ঠানটোত উপস্থিত থাকিবলৈ বিদ্যালয় পৰিদৰ্শকে নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে কাইলৈৰ উদ্বোধনী অনুষ্ঠানৰ পাছত ৪ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিভিন্ন সামাজিক অনুষ্ঠান-প্রতিষ্ঠানে নিজাববীয়াকৈ ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।

    #AkashvaniNews

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.