Saturday, July 12, 2025
26.7 C
Guwahati
TOP NEWS:

ৰাজ্য চৰকাৰৰ উদ্যোগত ৩ৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ

- Advertisement -

অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত কাইলৈৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হ’ব। অসমীয়া ভাষাই লাভ কৰা ধ্ৰুপদী ভাষাৰ বিৰল স্বীকৃতিক প্ৰতিজন অসমীয়াৰ ওচৰলৈ নিয়াৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। চতুৰ্থ শতিকাৰ পৰা পৰ্যায়ক্রমে অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি যোগোৱা মনিষী, পণ্ডিত আৰু ভাষাবিদসকললৈ কৃতজ্ঞতা জ্ঞাপনৰ লগতে ভাষা গৌৰৱ সপ্তাহৰ বিভিন্ন কাৰ্যসূচীৰ অধীনত প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ধ্রুপদী অসমীয়া শীৰ্ষক গ্রন্থ নাগৰিকৰ মাজত বিতৰণ কৰা হ’ব। তদুপৰি ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি অসমীয়া ভাষাৰ লগতে ৰাজ্যৰ অন্যান্য সৰু-বৰ ভাষাৰ বিকাশ-বিৱৰ্তন সন্দৰ্ভত তথ্যপূর্ণ আলোচনাৰো আয়োজন কৰা হৈছে।

এই আয়োজনৰ এটা প্ৰধান কাৰ্যসূচী হিচাপে অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক লাখ নাগৰিকৰ জৰিয়তে কৃতজ্ঞতাসূচক পত্ৰ প্ৰেৰণ কৰা হ’ব। ইয়াৰ লগতে অসমীয়াকে ধৰি ৰাজ্যৰ ১৪ টা ভাষাত শৈক্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। গুৱাহাটীত কাইলৈ ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ ১১ বজাৰ পৰা হ’বলগীয়া এই অনুষ্ঠানত বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুও উপস্থিত থাকিব। ৰাজ্য চৰকাৰৰ আন আন মন্ত্রীসকল বিভিন্ন জিলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ভাষা গৌৰৱ সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত প্ৰতিটো বিভাগৰ পাঁচজনকৈ শীর্ষ বিষয়া উপস্থিত থাকিবলৈ কামৰূপ মহানগৰ জিলা আয়ুক্তই নির্দেশ দিছে। ইয়াৰ লগতে জিলাখনৰ প্ৰতিখন চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ দুজনকৈ শিক্ষক-প্রতিনিধিক অনুষ্ঠানটোত উপস্থিত থাকিবলৈ বিদ্যালয় পৰিদৰ্শকে নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে কাইলৈৰ উদ্বোধনী অনুষ্ঠানৰ পাছত ৪ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিভিন্ন সামাজিক অনুষ্ঠান-প্রতিষ্ঠানে নিজাববীয়াকৈ ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।

#AkashvaniNews

Hot this week

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
26.3 ° C
26.3 °
26.3 °
85 %
0.7kmh
3 %
Fri
26 °
Sat
35 °
Sun
35 °
Mon
30 °
Tue
30 °