ৰঙিয়া মহকুমাত কোভিড ভেকচিনৰ নাটনি ছাত্ৰ মুক্তি আৰু ৰাইজৰ দলৰ যৌথ সংবাদ মেল

■ বিধান সভাত অখিল গগৈৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগৰ অভিযোগ ৰাইজৰ দলৰ

■চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন,
ৰঙিয়া: ৰঙিয়া মহকুমাৰ অন্তৰ্গত অঞ্চলত কোভিড ভেকচিন প্ৰদান কাৰ্য্য লেহেমীয়া হোৱাৰ অভিযোগ তুলি ৰঙিয়া জিলা ছাত্ৰ মুক্তিয়ে ৰঙিয়া মহকুমাধিপতিক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও আজিও ৰঙিয়া মহকুমাৰ এটা কেন্দ্ৰটো ভেকচিনৰ ব্যৱস্থা নহল।ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কোভিড ভেকচিনৰ নাটনি কথা অস্বীকাৰ কৰাৰ পিছতো ৰঙিয়া মহকুমাত যোৱা দুদিন ধৰি কোভিড ভেকচিনৰ নাটনিয়ে মুখ্যমন্ত্ৰী গৰাকীৰ চৰম মিথ্যাচাৰৰ কথা উদঙাই দিছে।আজি এক সংবাদ মেল যোগে ছাত্ৰ মুক্তি আৰু ৰাইজৰ দলৰ নেতৃবৰ্গই অতিশীঘ্ৰে ৰঙিয়া মহকুমাত ভেকচিনৰ প্ৰদানৰ মাত্ৰা বৃদ্ধিৰ বাবে দাবী উত্থাপন কৰে।এইক্ষেত্ৰত ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক কথাটো গুৰুত্ব প্ৰদান কৰি সমস্যা সমাধানৰ বাবে দাবী জনায়।ছাত্ৰ মুক্তিৰ সহকাৰী সম্পাদক প্ৰাঞ্জল কলিতা আৰু কার্যবাহী সদস্য চিৰাজ আলীয়ে সংবাদ মাধ্যমৰ জৰিয়তে বিগত চৰকাৰৰ দিনত ৰঙিয়াত আৰম্ভ কৰা দলং,ৰাস্তা আদি আঁচনিৰ কাম অতিশীঘ্ৰে সম্পূৰ্ণ কৰিবলৈও দাবী উত্থাপন কৰে। আনহাতে সংবাদ মেলত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ উপভাপতি হৰেশ্বৰ বৰ্মন আৰু কামৰূপ জিলা ৰাইজৰ দলৰ সাধাৰণ সম্পাদক জিয়াউৰ ৰহমানে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অখিল গগৈক মানসিক ৰোগী বুলি কোৱা কথাৰ তীব্ৰ বিৰোধিতা কৰে।ভুল তথ্যৰে ৰাইজে নিৰ্বাচিত কৰা এগৰাকী বিধায়কক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰাৰ লগতে এগৰাকী বিধায়কৰ বিশেষ অধিকাৰ ভংগৰ কৰাৰো অভিযোগ উত্থাপন কৰে।এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে তৰল ব্যক্তব্যৰে সংসদৰ মৰ্যদা হ্ৰাস কৰাতকৈ বৰ্তমান ৰাজ্যত সৃষ্টি হোৱা ভেকচিনৰ নাটনি দূৰ কৰাৰ বাবেহে পদক্ষেপ লবলৈ আহ্বান কৰে।সংবাদ মেলাৰ জৰিয়তে যোৱা নিশা ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰ আৰু ৰাইজৰ দলৰ সম্পাদনক পদ্মকান্ত দাসৰ আটক কৰা কাৰ্য্যৰো তীব্ৰ বিৰোধিতা কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.